যুৱকৰ ভৰিত বিষাক্ত সৰ্পৰ দংশন, প্ৰাণ ৰক্ষাৰ বাবে নিজ জীৱনক সংকটত পেলালে এজন ট্ৰাক চালকে

নিউজ ডেস্ক। এক শিহৰণকাৰী ঘটনা। নিজৰ জীৱনকো তুচ্ছ কৰি সৰ্প দংশনত আক্ৰান্ত যুৱকৰ বিষ মুখেৰে চুহি জীৱন ৰক্ষা কৰিলে এজন ট্ৰাক চালকে।

এজন ২০ বছৰীয়া যুৱকক দংশন কৰিছিল সাপে। সেই দৃশ্য প্ৰত্যক্ষ কৰিছিল এজন ট্ৰাক চালকে। তেতিয়া ট্ৰাক চালকজনে সময় নষ্ট নকৰাকৈ সাপৰ বিষ মুখেৰে চুহি লয়।

এই ঘটনা মধ্য প্ৰদেশৰ বেতুলৰ খানজানপুৰ অঞ্চলৰ।

জানিব পৰা মতে, ট্ৰাক চালক জনৰ নাম আছিল ৰোহিত। আৰু সৰ্পই দংশন কৰা যুৱকজনৰ নাম আছিল তুষাৰ মিশ্ৰ।

তুষাৰে নিশা ঘৰৰ বাহিৰত বাইক ৰাখি ৰৈছিল। তেতিয়া তেওঁৰ ভৰিৰ ওচৰতে আছিল এডাল সাপ। সাপডালে লগে লগে দংশন কৰে তেওঁৰ ভৰিৰ আঙুলিত। লগে লগে তেওঁ মূৰ্চিত হৈ পৰি যায়।

সেই স্থানত তুষাৰৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়া বহু লোক গোট খাই। বহুত মানুহ উপস্থিত থকা দেখি পথেৰে ট্ৰাক চলায় যোৱা চালক ৰোহিত ৰৈ দিয়ে ঘটনাস্থলীত।

তেওঁ যুৱকজনৰ সেই দৃশ্য দেখি ৰৈ নাথাকে। লৰালৰিকৈ গৈ তেওঁ তুষাৰৰ সাপে কামোৰা ঠাই ডোখৰত ব্লেডেৰে অকণমান কাটি সাপৰ বিষ চুহিবলৈ লয়। তেওঁ মুখেৰে বিষ চুহি চুহি মূৰ্ছা গৈছিল। কিন্তু তেওঁ সৰ্প দংশন হোৱা যুৱকজনৰ জীৱন ৰক্ষা কৰিছিল।

কিছু সময়ৰ পিছত তুষাৰৰ পৰিয়ালে দুয়োকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিল। তেতিয়ালৈ ট্ৰাক চালক ৰোহিত সম্পূৰ্ণ মূৰ্ছা গৈছিল। চিকিৎসকসকলে লগে লগে দুয়োকে এণ্টি-স্নেক বিষ প্ৰয়োগ কৰিছিল। দুয়ো সুস্থ হোৱাত পৰৱৰ্তী সময়ত দুয়োকে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।

ট্ৰাক চালক ৰোহিতে কয় যে, তেওঁ পূৰ্বেও এনেধৰণে অনৰ জীৱন ৰক্ষা কৰিছিল। তেওঁ কৰ্ণাটকত ট্ৰাক চলাই থাকোতে সাপে কামোৰাৰ সময়ত তেওঁৰ সংগীৰ জীৱন ৰক্ষা কৰিছিল। তুষাৰক বচাবলৈ চেষ্টা কৰি তেওঁ অত্যন্ত সুখী বুলি জানিবলৈ দিয়ে। আনহাতে তুষাৰৰ পৰিয়ালৰ সদস্যসকলেও ৰোহিতক ধন্যবাদ জনায়।

জিলা চিকিৎসালয়ত দুয়োকে চিকিৎসা কৰা চিকিৎসা বিশেষজ্ঞ ডাঃ ও.পি. মহুৰৰ মতে, মুখেৰে বিষ আঁতৰ কৰাটো বিপদজনক হ’ব পাৰে। যদি মুখ বা পেটত ফোঁহা বা গুৰুতৰ আঘাত হয়, তেন্তে মৃত্যু পৰ্যন্ত হব পাৰে।

Leave a Comment