লগত ২২টা হেলমেট লৈ আহিছিল এজন লোকে, কিন্তু তাৰ পিছতো ভৰিবলগীয়া হ’ল জৰিমনা! কিন্তু কিয়…

নিউজ ডেস্কঃ এটা, দুটা নহয়, লগত ২২টা হেলমেট থকাৰ পিছতো জৰিমণা ভৰিবলগীয়া হ’ল এজন ব্যক্তিয়ে। কাৰণ জানি আচৰিত হ’ব আপুনিও।

যোৰহাটত সংঘটিত হৈছে এনে এক আশ্বৰ্যকৰ ঘটনা। লগত ২২টা হেলমেট কঢ়িয়াই অনা এজন লোকক জৰিমনা বিহে যান বাহন আৰক্ষীয়ে। কাৰণ লগত হেলমেট থাকিলেও মূৰত হেলমেট নাছিল ব্যক্তিজনৰ।

দৰাচলতে কেইজন অনা অসমীয়া ব্যৱসায়ীয়ে সোমবাৰে যোৰহাটত হেলমেট বিক্ৰী কৰিব আহিছিল বাইকেৰে। একোখন বাইকত ২২-২৩টা হেলমেট লৈ আহিছিল ব্যৱসায়ী কেইজনে। কিন্তু পিন্ধিয়ে হাতে, সকলোতে হেলমেট ওলোমাই ৰখা এই ব্যৱসায়ী কেইজনৰ মূৰতহে নাছিল হেলমেট।

যাৰ বাবে যান বাহন আৰক্ষীয়ে তেওঁলোকক ৰখাই জৰিমণা বিহে আৰু পিছত যাবলৈ দিয়ে।

ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।