লাভলীনা, মেৰীকম আৰু মীৰাবাঈৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ মত-বিনিময়

নিউজ ডেস্ক। টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈ সকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে আয়োজন কৰিছিল এক জলপান অনুষ্ঠান।

সেই অনুষ্ঠানত তেওঁ খেলুৱৈ সকলৰ সৈতে মত-বিনিময় কৰিছিল। সেই অনুষ্ঠানত উপস্থিত আছিল অসম কন্যা লাভলীনা বৰগোহাঁই।

ইয়াৰোপৰি উপস্থিত আছিল উত্তৰ পূব তথা মণিপুৰৰ গৌৰৱ এম চি মেৰী কম আৰু মীৰাবাই চানু।

লাভলীনা বৰগোহাঁই আৰু মেৰী কমৰ সৈতে কথোপকথন কৰি প্ৰধানমন্ত্ৰীয়ে শিশুৰ জীৱনত খেলৰ ভূমিকা সন্দৰ্ভত কিছু কথা উত্থাপন কৰে।

ব্ৰঞ্জ পদক বিজয়ী তথা অসম কন্যা লাভলীনা বৰগোহাঁইৰ সৈতে কথোপকথন আৰম্ভ কৰি তেওঁ প্ৰথমতে লাভলীনাৰ মাতৃৰ স্বাস্থ্যৰ খবৰ লয়।

মাতৃৰ বৃক্ক সংৰূপণ সন্দৰ্ভত তেওঁ খবৰ লয় লাভলীনাৰ পৰা। যেতিয়া লাভলীনাই তেতিয়ালৈকে মাতৃক লগ পোৱা নাই বুলি জানিবলৈ দিয়ে তেতিয়া প্ৰধানমন্ত্ৰীয়ে কয়, “মোৰ শ্ৰদ্ধা তেওঁক জনাবা।” লগতে লাভলীনাক প্ৰধানমন্ত্ৰীয়ে সোধে, “তোমাৰ দুয়ো গৰাকী ভগ্নীয়ে বক্সিং নেখেলে জানো?”

উত্তৰত লাভলীনাই কয় যে, “হয়। তেওঁলোক এগৰাকী বিএছএফ আৰু এগৰাকী চিআইএছএফত কৰ্মৰত।”

তেতিয়া প্ৰধানমন্ত্ৰীয়ে ধেমালি কৰি লাভলীনাক কয়, “তেন্তে তোমালোকে ঘৰত কথাৰেই কাজিয়া লাগা নে বক্সিং খেলা?”

ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰীয়ে কথোপকথন কৰে মেৰী কমৰ সৈতে। যেতিয়া মেৰী কমে অলিম্পিকত দেশৰ বাবে পদক আনিব নোৱাৰি প্ৰধানমন্ত্ৰীৰ ওচৰত ক্ষমা খুজে, তেতিয়া প্ৰধানমন্ত্ৰীয়ে তেওঁক কয় যে, “তুমি যোৱা এটা দশক ধৰি ভাৰতত মহিলা খেলুৱৈ সকলক অনুপ্ৰাণিত কৰি আহিছা।”

প্ৰধানমন্ত্ৰীয়ে লগতে মেৰী কমক কয়, “আমি তোমাক সংসদত মিছ কৰিছো।” তেতিয়া ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে উত্তৰত কয়, “মই অনুশীলনৰ বাবে সংসদত উপস্থিত থাকিব নোৱাৰিলো। এইবাৰ মই দেশৰ বাবে মেডেল জয় কৰিবলৈ চেষ্টা কৰিছিলো, কিন্তু মই নোৱাৰিলো। মই ক্ষমা বিছাৰিছো।”

তেতিয়া প্ৰধানমন্ত্ৰীয়ে তেওঁক উপদেশ দি কয়, “হৰা আৰু জিকা হৈছে জীৱনৰ অংশ। তুমি ক্ৰীড়া জগতত বহুতো অৱদান আগবঢ়াইছা। বিশেষকৈ ভাৰতত। তুমি সকলো মহিলাৰ দৃষ্টি আকৰ্ষণ কৰিছা। যোৱা দশকটো তোমাৰ হাতৰ মুঠিত আছিল, সেয়েহে তুমি যথেষ্ট খিনি অৰ্জন কৰিবলৈ সক্ষম হৈছা।”

লাভলীনা আৰু মেৰীকমৰ উপৰি মণিপুৰৰ মীৰাবাঈ চানুৰ সৈতেও মত-বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে। মীৰাবাঈয়ে ঘৰত ট্ৰাক চালকসকলক জনােৱা সম্বৰ্দ্ধনা অনুষ্ঠানৰ কথা উল্লেখ্য কৰি প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপৰ বাবে উচ্চ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই কামৰ জৰিয়তে প্ৰাপ্ত মনৰ শান্তি অলিম্পিকত পদক জয়তকৈ কােনাে গুণ কম নহয়।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে সকলো অলিম্পিয়ানক জলপান গ্ৰহণৰ বাবে তেওঁৰ লোক কল্যাণ মাৰ্গৰ বাসভৱনলৈ আমন্ত্ৰণ জনাইছিল। সেই অনুষ্ঠানত প্ৰত্যেকজন খেলুৱৈয়ে প্ৰধানমন্ত্ৰীক নিজৰ নিজৰ খেলৰ এবিধ সামগ্ৰী উপহাৰ দিছিল।

সেই অনুসৰি সোণৰ পদক প্ৰাপক নীৰজ চোপ্ৰাই উপহাৰ হিচাপে প্ৰদান কৰিছিল জেভলিন, ব্ৰঞ্জ পদক প্ৰাপক পি ভি সিন্ধুৱে বেডমিন্টন ৰেকেট, পুৰুষ আৰু মহিলা হকী দলে নিজৰ নিজৰ অট’গ্ৰাফ সহ একোডালকৈ হকী ষ্টিক, চি এ ভৱানীয়ে স্বৰ্ড আৰু লাভলীনা বৰগোহাঁইয়ে বক্সিং গ্ল’ভছ উপহাৰ দিয়ে। ইয়াৰোপৰি সকলো পদক প্ৰাপকে প্ৰধানমন্ত্ৰীক সকলোৰে অট’গ্ৰাফ যুক্ত এখন ষ্টল উপহাৰ হিচাপে প্ৰদান কৰে।

Leave a Comment