নিউজ ডেস্কঃ ঠিক যেন চিনেমাৰ কাহিনী। কেইবামাহ পূৰ্বে এখন মেডিকেল কলেজত সংঘটিত হৈছিল এক ভয়ংকৰ ৰেগিং কাণ্ড।
কিন্তু এই ৰেগিং কাণ্ডৰ তদন্ত চলাবলৈ গৈ তথ্যৰ অভাৱত থমকি ৰ’বলগীয়া হৈছিল আৰক্ষী। যাৰ বাবে কৰায়ত্ত হোৱা নাছিল কোনো অভিযুক্ত।
যাৰ বাবে মেডিকেল কলেজখনৰ ৰেগিং কাণ্ডৰ ৰহস্য উদঘাটন কৰিবলৈ নতুন পন্থা হাতত লয় আৰক্ষীয়ে।
পৰিকল্পনা অনুসৰিয়েই কলেজখনত ছাত্ৰীৰ ভেশ লৈ নামভৰ্তি কৰে এগৰাকী আণ্ডাৰকভাৰ মহিলা আৰক্ষীয়ে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/12/image-28.png?resize=680%2C418&ssl=1)
২৪ বৰ্ষীয় এই আৰক্ষী কনিষ্টবলগৰাকীয়েই হৈছে শালিনী চৌহান।
ইন্দোৰৰ এমজিএম মেডিকেল কলেজত নাৰ্ছিঙৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰি ৩ মাহৰো অধিক সময় কলেজত এগৰাকী সাধাৰণ ছাত্ৰীৰ দৰেই অধ্যয়ন কৰে শালিনীয়ে।
সেই সময়ত তেওঁ বুদ্ধিমত্তাৰে জ্যেষ্ঠ-কনিষ্ঠ সকলৰ মন জয় কৰি সকলোৰে সৈতে স্থাপন কৰিবলৈ সক্ষম হয় বন্ধুত্ব।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/12/image-29.png?resize=285%2C392&ssl=1)
তাৰ পিছতে ৰেগিং কাণ্ডৰ ৰহস্য উদঘাটন কৰি চিনাক্ত কৰি উলিয়ায় ১১ জন অভিযুক্তক।
শালিনীয়ে সংবাদ মাধ্যমৰ প্ৰকাশ কৰা মতে, ছাত্ৰীৰূপে কলেজত সময় পাৰ কৰাটো তেওঁৰ বাবে আছিল এক প্ৰত্যাহ্বান। যদিও তেওঁ বাণিজ্য বিষয়ৰ স্নাতক আছিল, কিন্তু মেডিকেল শিক্ষা তেওঁৰ একেবাৰেই নাছিল।
সেয়ে প্ৰথমাৱস্থাত সকলোকে পতিয়ন নিয়াবলৈ তেওঁ কিছু পৰিমাণে মেডিকেল শিক্ষাও আয়ত্ত কৰিবলগীয়া হৈছিল।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/12/image-30.png?resize=720%2C960&ssl=1)
তদুপৰি ৰেগিং কাণ্ডৰ তদন্ত চলোৱাৰ সময়তো তেওঁ সন্মুখীন হৈছিল অসুবিধাৰ। কিয়নো কনিষ্ঠ সকল সদায় ভীতিগ্ৰস্ত হৈ থকাৰ বাবে একো কথা মুখ খুলি কোৱা নাছিল।
এনে পৰিস্থিতিত তেওঁ অতি গোপনে সকলোৰে ওপৰত নজৰ ৰাখিবলগীয়া হৈছিল আৰু তাৰ পিছতে তেওঁ ১১ জন অভিযুক্ত ছাত্ৰক চিনাক্ত কৰিবলৈ সক্ষম হয়।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/12/image-31.png?resize=820%2C540&ssl=1)
চিনেমাৰ দৰেই মহিলা আৰক্ষী কনিষ্টবলগৰাকীয়ে সাহসেৰে কলেজখনৰ ৰেগিং কাণ্ডৰ ৰহস্য উদঘাটন কৰিবলৈ সক্ষম হোৱাৰ পিছত তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে ছিনিয়ৰসকলে।