শাহু-বোৱাৰীৰ সংঘাতৰ ভয়ংকৰ পৰিণতি! বোৱাৰীৰ দাৰ ঘাপত প্ৰাণ গ’ল শাহুৱেকসহ ২ মহিলাৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন আন এগৰাকী…

নিউজ ডেস্কঃ শাহু-বোৱাৰীৰ মাজত সৰুসুৰা বাক-বিবাদ থাকেই। কিন্তু এই সংঘাতৰ বাবেই বোৱাৰীৰ আক্ৰমণত শাহুৱেকৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ছয়গাঁৱত।

ছয়গাঁৱৰ বামুণীগাঁও নিজ বগাইত এগৰাকী বোৱাৰীৰ দাৰ ঘাপত মৃত্যু ঘটে শাহুৱেকৰ লগতে আন এগৰাকী মহিলাৰ।

আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমানো হাস্পতালত মৃত্যুৰ সৈতে যুঁজি আছে এগৰাকী যুৱতী।

এই লোমহৰ্ষৰ হত্যাকাণ্ডৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী বোৱাৰী উত্তৰা বড়ো (৩৬)ক। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

জানিব পৰা মতে, স্বামী অশোক কুমাৰ বড়োৰ সৈতে মহানগৰীৰ ৰূপনগৰ অঞ্চলৰ ভাড়াঘৰত বাস কৰে উত্তৰা বড়োৱে। কিন্তু সোমবাৰে তেওঁ স্বামীক নকোৱাকৈয়ে উপস্থিত হয় ছয়গাঁৱৰ শাহুৱেকৰ ঘৰত।

ৰাতিটো তাতেই পাৰ কৰাৰ পিছত মঙলবাৰে পুৱা এখন দা-ৰে উপৰ্যুপৰি শাহুৱেক সুশীলা বড়ো (৭৫)ৰ ওপৰত আক্ৰমণ চলায় উত্তৰাই। যাৰ ফলত থিতাতে মৃত্যু ঘটে বৃদ্ধ মহিলাগৰাকীৰ।

আনহাতে সেই সময়ত ঘৰত উপস্থিত থকা কামকৰা ছোৱালী শিৱানী ৰাভা (২৫) আৰু তেওঁৰ মাতৃ প্ৰণিতা ৰাভা (৫০)ই উত্তৰা বড়োক বাধা দিবলৈ চেষ্টা কৰাত তেওঁলোককো দা-ৰে ঘপিয়াই আক্ৰমণ কৰে মহিলাগৰাকীয়ে।

এই ঘটনাৰ পিছত স্থানীয় ৰাইজে আহত মাতৃ-কন্যাক হাস্পতাললৈ লৈ যায় যদিও হাস্পতালত মৃত্যু ঘটে প্ৰণিতা ৰাভাৰ। আনহাতে এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে শিৱানী ৰাভা। দুয়োৰে ঘৰ পলাশবাৰীৰ ৰাজাপাৰাত।

ইফালে এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰি হাতৰ দা খন পুখুৰীত পেলাই দি পলায়নৰ চেষ্টা চলায় হত্যাকাৰী বোৱাৰী উত্তৰা বড়োই। কিন্তু সেই সময়তে স্থানীয় ৰাইজে মহিলাগৰাকীক কৰায়ত্ব কৰি আৰক্ষীৰ হাতত গতাই দিয়ে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰীক।

এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কন্দ্বলৰ বাবেই পৰিকল্পিতভাৱে উত্তৰা বড়োই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডত ব্যৱহৃত দা খন উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

লগতে চাওকঃ

শোকাবহ! বিচনাত শুই শুই মোবাইল চাৰ্জত লগাই ভিডিঅ’ চাই থকাৰ সময়তে বিদ্যুৎ স্পৃষ্ট হৈ যুৱকৰ মৃত্যু