শােকাৱহ! গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই দুৰ্ঘটনাত প্ৰাণ গ’ল কণিকাৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুখন বাহনৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল সদ্য বিবাহিত এবছু নেত্ৰী কণিকা বড়ােৰ।

জানিব পৰা মতে, বাক্সাৰ শালবাৰীত দেওবাৰে সন্ধিয়া ৬.২৫ বজাত সংঘটিত হয় এই শােকাৱহ পথ দুৰ্ঘটনা।

গাৰ পৰা মাহ-হালধিৰ গোন্ধ নৌযাওঁতেই প্ৰাণ গ’ল এসপ্তাহ পূৰ্বে বিবাহিত এবছু নেত্ৰী কণিকা বড়ােৰ।

জানিব পৰা মতে, শিমলা থানাৰ অন্তৰ্গত শালবাৰী-ৰঙাপানী এলেকাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

অল্ট’ কে-১੦ বাহনৰ সৈতে বিপৰীত দিশৰ পৰা অহা মাৰুতি এছপ্ৰেছ’ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতে মৃত্যু ঘটে অল্ট’ কে-১੦ বাহনত থকা কণিকা বড়ােৰ।

দুৰ্ঘটনাত পিছতে এছপ্ৰেছ’ বাহনখন জুইত ভস্মীভূত হয়। লগতে বিধ্বস্ত হৈ পৰে অল্ট’ কে-১੦ বাহনখনাে।

উল্লেখ্য যে বাক্সাৰ ৰান্ধনীপাৰা গাঁৱৰ হাংগামা বড়ো নামৰ যুৱকজনৰ সৈতে এসপ্তাহ পূৰ্বে বিবাহ হৈছিল কণিকা বড়ো (৩০)ৰ।

স্বামীৰ সৈতে শিমলাৰ পৰা নিজ ঘৰলৈ মাৰুতি ‘কে-১੦’ কাৰ (এএছ-০১ ডিৱাই ৫২৯৫) এখনেৰে আহি থকা অৱস্থাত ৰাঙাপানী গাঁৱত উত্তৰ দিশৰ পৰা আহি থকা বৰঘাগ্রা গাঁৱৰ চিলাম বড়োৰ মাৰুতি এছপেছো (এ এছ-১৫ এছ-৩০৬৮) কাৰখনৰ মুখামুখি সংঘৰ্ষত পতিত হয়।

এই দুৰ্ঘটনাত স্বামী তথা গাড়ীখনৰ চালক হাংগামা বড়ো, পত্নী কণিকা বড়ো আৰু চিলাম বড়ো গুৰুতৰভাৱে আহত হয়।

স্থানীয় ৰাইজে ঘটনাস্থলীৰ পৰা আহত আটাইকেইজনকে ১০৮ এম্বুলেন্সেৰে পাঠশালা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

পাঠশালাত চিকিৎসকে গুৰুতৰভাৱে আহত কণিকা বড়োৰ চিকিৎসালয়লৈ অনাৰ পথত মৃত্যু হোৱা বুলি ঘোষণা কৰে।

গুৰুতৰভাৱে আহত হাংগামা বড়ো বাক্সা জিলা এবছুৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে মাৰুতি এছপ্রেছোখনৰ চালকজন সুৰাসক্ত অৱস্থাত আছিল। উত্তেজিত ৰাইজে মাৰুতি এছপ্ৰেছোখনক অগ্নিসংযোগ কৰে।

কণিকা বড়ােৰ এনে অকাল বিয়ােগত গভীৰ শােক প্ৰকাশ কৰিছে বিটিআৰৰ মুৰব্বী প্ৰমােদ বড়ােৱে।

উল্লেখ্য যে কণিকা বড়াে নিখিল বড়াে ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাংস্কৃতিক সম্পাদিকাৰ ৰূপতাে কাৰ্যনিৰ্বাহ কৰিছিল।

এই দুৰ্ঘটনাৰ অধিক তথ্য এতিয়াও আমাৰ হাতলৈ অহা নাই।