শােকাৱহ! ঘৰত ফ’কলেণ্ডৰে পুখুৰী খন্দা চাই থাকোতেই অঘটন, প্ৰাণ গ’ল কণমানি শিশু চাহিলৰ

শােকাৱহ! ঘৰত ফ’কলেণ্ডৰে পুখুৰী খন্দা চাই থাকোতেই অঘটন, প্ৰাণ গ’ল কণমানি শিশু চাহিলৰ

January 22, 2023 Off By NEWS DESK

নিউজ ডেস্ক। এক কৰুণ ঘটনা।

নিজৰ ঘৰত ফ’কলেণ্ডৰে পুখুৰী খন্দা চাই থাকোতেই গাৰ ওপৰত বিদ্যুতৰ খুঁটা বাগৰি পৰি মৃত্যু এটি কণমানি শিশুৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ ইছলামপুৰত।

অপৰিপক্ক ফ’কলেণ্ড চালকৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হােৱাৰ অভিযোগ পৰিয়ালৰ।

জানিব পৰা মতে, ইছলামপুৰৰ শ্বাহিদুল ইছলামে ঘৰত পুখুৰী খান্দিবলৈ এখন ফ’কলেণ্ড আনিছিল।

পুখুৰী খন্দাৰ সময়ত পিতৃৰ কাষতে থিয় হৈ চাই আছিল কণমানি চাহিলেও।

কিন্তু সেই সময়তে আকস্মিকভাৱে বিদ্যুতৰ খুঁটা এটা ভাগি চাহিলৰ গাৰ ওপৰত পৰাত প্ৰাণ হেৰুৱায় কণমানিটিয়ে।

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে ফ’কলেণ্ডখনৰ চালকজনে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

আপােনাৰ সাপ্তাহিক ৰাশিফল

ৰাশিফল

চাঞ্চল্যকৰ! ২৬ জানুৱাৰীত ঠিক হৈছিল বিয়া, তাৰ পূৰ্বেই ৰহস্যজনভাৱে উদ্ধাৰ মুখ্যমন্ত্ৰীৰ আৱাসত কৰ্তব্যৰত জোৱানৰ গুলীবিদ্ধ মৃতদেহ…