শােকাৱহ! জুম্মাৰ নামাজৰ সময়তে মছজিদত ভংয়কৰ বিস্ফোৰণ, বিশিষ্ট ধৰ্মগুৰুসহ ১৮ জনৰ মৃত্যু

শােকাৱহ! জুম্মাৰ নামাজৰ সময়তে মছজিদত ভংয়কৰ বিস্ফোৰণ, বিশিষ্ট ধৰ্মগুৰুসহ ১৮ জনৰ মৃত্যু

September 2, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ পশ্চিম আফগানিস্তানৰ এটা মছজিদত শুকুৰবাৰৰ নামাজ আদায়ৰ সময়তে সংঘটিত ভয়ংকৰ আত্মঘাতী বিস্ফোৰণত নিহত হ’ল এগৰাকী বিশিষ্ট ধৰ্মগুৰুকে ধৰি ১৮ জনকৈ লোকে। তালিবান চৰকাৰৰ এগৰাকী বিষয়াই এই তথ্য সদৰী কৰি জানিবলৈ দিয়া মতে, বিস্ফোৰণত আহত হৈছে কমেও ২১ জন লোক।

বাতৰি অনুসৰি, পশ্চিমৰ হেৰাট চহৰৰ গুজাৰগা মছজিদত শুকুৰবাৰে দুপৰীয়াৰ নামাজৰ সময়তে সংঘটিত হয় এই আত্মঘাতী বিস্ফোৰণ। বিস্ফোৰণত আফগানিস্তানৰ ধৰ্মগুৰু মুজিব-উল ৰহমান আনছাৰীৰো মৃত্যু ঘটা বুলি নিশ্চিত কৰিছে তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে।

উল্লেখ্য যে, বিশিষ্ট ধৰ্মগুৰু আনছাৰী তালিবানৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত হোৱাৰ লগতে বিগত সময়ত পশ্চিমীয়া দেশসমূহক সমালোচনা কৰি যথেষ্ট চৰ্চাত আছিল।

ইফালে হেৰাটৰ এম্বুলেন্স চেণ্টাৰৰ বিষয়া মহম্মদ ডাউদ মহম্মদীয়ে জনোৱা মতে, বিস্ফোৰণৰ ফলত ১৮ জন লোক নিহত হোৱাৰ লগতে আন ২১ জন লোক আহত হৈছে। আহত সকলক হেৰাটৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে এই আত্মঘাতী বিস্ফোৰণ কোনে সংঘটিত কৰিলে, সে্য়া এতিয়াও নিশ্চিত হোৱা নাই।