শােকাৱহ! টুলুঙা নাও ডুবি ভাতৃ-ভগ্নীসহ ৩ জনৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বন্ধুৰ ঘৰলৈ কিছু সময় অতিবাহিত কৰিবলৈ কৰুণ মৃত্যু ভাতৃ-ভগ্নীসহ ৩ জনৰ।

কেৰেলাৰ এৰ্ণাকুলাম জিলাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা।

তুলুঙা নাৱত বন্ধুৰ ঘৰলৈ গৈ পানীত ডুবি তিনিজন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়। ইয়াৰে দুজন ভাতৃ ভগ্নী বুলি জানিব পৰা যায়।

ঘটনাটো সোমবাৰৰ আবেলি কাইথাপুঝা হ্ৰদৰ থেভাৰা-কুণ্ডানুৰ দলঙৰ সমীপত সংঘটিত হয় বুলি জানিব পৰা যায়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, নিহত তিনিওজন ১৮-২২ বছৰৰ ভিতৰৰ।

নিহত সকলক পেৰুম্বাভুৰৰ আশ্না নাৱাস (২২) আৰু তেওঁৰ ভাতৃ আদিল নাৱাস (১৮) আৰু বন্ধু এবিন পল(২০) বুলি চিনাক্ত কৰা হয়।

আনহাতে নাওখনত যোৱা কণ্ঠুৰুথীৰ প্ৰবীণ নামৰ লোকজনক স্থানীয় লোকে উদ্ধাৰ কৰে। তেওঁলোকে বন্ধুক জন্মদিনৰ কেক দিবলৈ নেত্তুৰৰ পৰা কণ্ঠুৰুথী লৈ নাৱেৰে যাওঁতে সেই ঘটনা সংঘটিত হয়।

তুলুঙা নাৱেৰে তেওঁলোক ১৫ মিটাৰমান যোৱাৰ পিছতেই এই ঘটনা সংঘটিত হয়। সেই সময়ত হোৱা বতাহ আৰু পানীৰ সোঁতৰ বাবে এই ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে এই ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। পানানগড় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন কৰে আৰু মৃতদেহকেইটা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, সেই দৃশ্য প্ৰত্যক্ষ কৰি কেইবাটাও শিশুৱে চিঞৰে। আৰু সেই চিঞৰ শুনি দৌৰি আহে স্থানীয় লোক। তেওঁলোকে কেৱল এজনকহে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Leave a Comment