শােকাৱহ! ডাম্পাৰে মহটিয়াই নিলে স্কুটী, অকালতে প্ৰাণ গ’ল মণিকাৰ…

নিউজ ডেস্ক। একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

এনে পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাইছে বহু লােকে।

তেনে এক শােকাৱহ দুৰ্ঘটনাত দেওবাৰে নিশা প্ৰাণ গ’ল এগৰাকী ২৬ বছৰীয়া যুৱতীৰ, নাম মণিকা ৰায়।

দুৰ্ভগীয়া যুৱতীগৰাকীৰ ঘৰ বঙাইগাঁও জিলাৰ বিজনীৰ গেৰুকাবাৰীত। পৰিয়ালটােৰ একমাত্ৰ জীয়ৰী আছিল উচ্চ শিক্ষিত মণিকা।

266325634-715919316463351-287913165150623681-n

জানিব পৰা মতে, বঙাইগাঁও জিলাৰ সিদলসতীত এই শােকাৱহ দুৰ্ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় ঘাইপথত থকা গতিৰােধকৰ সমীপতে এখন দ্ৰুতবেগী ডাম্পাৰে মহটিয়াই নিলে স্কুটী আৰোহী মণিকা তথা ভাতৃ প্ৰদীপ ৰায় (৩৮)ক।

মণিকা ৰায় (ফাইল ফটাে)

জানিব পৰা মতে, ভাতৃ প্ৰদীপ ৰায়ৰ সৈতে স্কুটীত উঠি চিকিৎসাৰ বাবে অভয়াপুৰীলৈ গৈছিল মণিকা।

কিন্তু দুৰ্ভাগ্যজনকভাৱে ঘৰলৈ ওভতাৰ পথত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পাছফালৰ পৰা অহা এখন তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিয়ে স্কুটীখন।

ফলত থিতাতে কৰুণ মৃত্যুক আঁকােৱালি লয় মণিকা ৰায়ে ৷ গুৰুতৰভাৱে আহত হয় ভাতৃ প্ৰদীপ ৰায়।

Untitled-design-2021-12-20-T144035-101-copy

সম্প্ৰতি প্ৰদীপ ৰায় চিকিৎসাধীন বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ইতিমধ্যে মৃতদেহ মৰণােত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

মেধাৱী ছাত্ৰী মণিকা ৰায়ৰ অকাল মৃত্যুত বিজনীৰ গেৰুকাবাৰী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।

নৰনাৰায়ণ জাতীয় বিদ্যালয়, জামদহাত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল প্ৰয়াত মণিকা ৰায়।

উল্লেখ্য যে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে এই পৰ্যন্ত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই।

Leave a Comment