শােকাৱহ! ডাম্পাৰৰ সৈতে অটোৰিক্সাৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু ৪ জনৰ

শােকাৱহ! ডাম্পাৰৰ সৈতে অটোৰিক্সাৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু ৪ জনৰ

August 21, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

ডাম্পাৰৰ সৈতে শ্ৰমিক কঢ়িওৱা অটােৰিক্সাৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল ৪ জন শ্ৰমিকৰ।

এই ঘটনা সংঘটিত হ’ল কাটিগড়াত।

জানিব পৰা মতে, কাটিগড়াৰ টিকপাৰা গাঁৱৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ১ বজাত এই ঘটনাটো সংঘটিত হয়।

এই ঘটনাটোত কেইবাজনো লোক গুৰুতৰভাৱে আহতাে হয়।

আহত যাত্ৰীসকলক ততাতৈয়াকৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লত ভৰ্তি কৰােৱা হৈছে।

দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰখন দুৰ্ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

এই ঘটনাত নিহত সকলক ৰাজেন দাস, য়াছিন আলী, বিলাল আহমেদ আৰু চেলিম উদ্দিন বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে দুৰ্ঘটনাটোৰ সময়ত অটো ৰিক্সাখনত মুঠ ৯ জন যাত্ৰী আছিল।

ঘটনা সংঘটিত হোৱা বহু সময় পিছতহে আৰক্ষী ঘটনাস্থলীত উপস্থিত হােৱাৰ পূৰ্বেই আহতসকলক স্থানীয় লোকে বিভিন্ন বাহনত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইয়াৰ পিছতে, ক্ষুব্ধ স্থানীয় লোকে দুৰ্ঘটনাস্থলীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

অৱশ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত পথ অৱৰোধ প্ৰত্যাহাৰ কৰা হয়।