শােকাৱহ! দুৰ্ঘটনাক্ৰমে বিস্ফােৰিত হ’ল গ্ৰেনেড, সেনাৰ দুই বিষয়াৰ মৃত্যু

নিউজ ডেস্ক। জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মেনধৰ ছেক্টৰত আজি সংঘটিত হয় দুর্ঘটনাজনিত গ্রেনেড বিস্ফোৰণৰ ঘটনা।

এই ঘটনাত সেনাৰ এজন কেপ্টেইন আৰু এজন জুনিয়ৰ কমিছনড বিষয়া (জে চি অ’) নিহত হোৱাৰ লগতে সেনাৰ ৬ জোৱান আহত হয়।

এই গ্রেনেড বিস্ফোৰণৰ ঘটনা কিদৰে সংঘটিত হ’ল ইয়াৰ তদন্ত ইতিমধ্যে চলোৱা হৈছে।

সেনাৰ সূত্ৰই সদৰী কৰামতে দেওবাৰে নিশা সেনা জোৱানে মেনধৰ ছেক্টৰত এল অ’ চিত কৰ্তব্যত নিয়োজিত আছিল।

সেই সময়তে এই গ্রেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।

নিহত সেনা দুগৰাকী হৈছে কেপ্টেইন আনন্দ আৰু জুনিয়ৰ কমিছনড বিষয়া নাইব চুবেদাৰ ভগৱান সিং।

নিহত কেপ্টেইন আনন্দৰ ঘৰ বিহাৰৰ ভাগলপুৰ জিলাৰ চম্পা নগৰ অঞ্চলত আৰু নাইব চুবেদাৰ ভগৱান সিঙৰ ঘৰ উত্তৰ প্ৰদেশৰ আম্বেদকাৰনগৰ জিলাৰ পোখৰ ভিট্টা গাঁৱত বুলি জানিব পৰা গৈছে।