শােকাৱহ! পথ দুৰ্ঘটনাত পিতা-পুত্ৰৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

মেজিক ভানৰ খুন্দাত প্ৰাণ গ’ল পিতা-পুত্ৰৰ।

এই কৰুণ ঘটনাৰ স্থান নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দৌলাশাল।

জানিব পৰা মতে, বুধবাৰে দুপৰীয়া হাজো-দৌলাশাল গড়কপ্তানি পথেৰে দুই পিতা-পুত্ৰই চাইকেলেৰে বৰপেটা জিলাৰ ক্ষুদ্ৰ বামুণবড়িৰ নিজ গৃহলৈ আহি থকা অৱস্থাত একে দিশেৰে পিছফালৰ পৰা তীব্ৰ গতিৰে অহা এখন এএছ২৫চি চি৯৬৮২ নম্বৰৰ মেজিক ভানে দুয়োজনকে মহটিয়াই নিয়ে।

এই দুৰ্ঘটনাত ফলত থিতাতে মৃত্যু হয় দুয়োজনৰ।

পিতা-পুত্ৰ দুজনক সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ক্ষুদ্ৰ বামুণবড়ি গাঁৱৰ হামেদ আলী (৬৯) আৰু ছান মহম্মদ আলী (২১) বুলি জানিব পৰা গৈছে।

ইপিনে, মেজিক ভানখনে পথৰ দাঁতিত থকা বৈদ্যুতিক খুঁটা এটাত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত হেণ্ডিমেন ৰাজু প্ৰধান গুৰুতৰভাৱে আহত হোৱাত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনা সংঘটিত কৰিয়ে মেজিক বাহনখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

বজাৰলৈ ওলাই আহি পিতা-পুত্ৰই এনেদৰে কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাই বৃহত্তৰ ক্ষুদ্ৰ বামুণবড়ি অঞ্চলত শোকৰ ছাঁ পেলাইছে।

Leave a Comment