শােকাৱহ পথ দুৰ্ঘটনাত মেধাৱী ছাত্ৰী তৃষ্ণাশ্ৰী শইকীয়াৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। দুখন বাহনৰ মুখামুখি সংঘৰ্ষত কৰুণ মৃত্যু এগৰাকী মেধাৱী ছাত্ৰীৰ।

ঘটনাৰ স্থান উত্তৰ লখিমপুৰৰ সমীপৱৰ্তী লালুক অঞ্চল। নিহত ছাত্ৰীগৰাকীৰ নাম তৃষ্ণাশ্ৰী শইকীয়া।

জানিব পৰা মতে, লালুকৰ সমীপৱৰ্তী লোকামপুৰ গাঁৱৰ মতিলাল শইকীয়াৰ কন্যা তৃষ্ণাশ্ৰী শইকীয়া যোৱা ২ জুলাইত সন্ধিয়া উত্তৰ লখিমপুৰ চহৰৰ পৰা মটৰচাইকেলেৰে ঘৰলৈ যাত্ৰা কৰিছিল।

তেনে অৱস্থাত নিজ বাসগৃহৰ নাতিদূৰৈত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১০ মাইলৰ হাৰিবৰ চাৰিআলিত এখন অল্ট’ গাড়ীৰ সৈতে মুখামুখী সংঘৰ্ষ হয় মটৰচাইকেলৰ।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তৃষ্ণাশ্ৰী শইকীয়াক ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোগত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও অৱস্থা সংকটজনক হোৱাত নিশাই এ এম চি, ডিব্ৰুগড়লৈ লৈ যোৱা হয়।

চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নি থকা অৱস্থাত ধেমাজিত তৃষ্ণাশ্ৰীয়ে মৃত্যুক আঁকোৱালি লয়।

উল্লেখ্য যে এইগৰাকী মেধাৱী ছাত্ৰীয়ে HSLC আৰু HS ৰ চূড়ান্ত পৰীক্ষাত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল।

সম্প্ৰতি ছাত্ৰীগৰাকীয়ে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত ইংৰাজী বিভাগত মেজৰ লৈ স্নাতক মহলাৰ পঞ্চম ষাণ্মাসিকত অধ্যয়নৰত আছিল।

নৃত্য-গীত আদিত পাকৈত ছাত্ৰীগৰাকীয়ে সাংস্কৃতিক ক্ষেত্ৰতাে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল। ছাত্ৰীগৰাকীৰ এনে অকাল মৃত্যুৰ ঘটনাই বৃহত্তৰ লালুক অঞ্চলত এক গভীৰ শােকৰ ছাঁ পেলাইছে।

Leave a Comment