নিউজ ডেস্ক। এক অভাৱনীয় ঘটনাই জােকাৰি গ’ল নগাঁও জিলাৰ ৰহাহা কটহগুৰি অঞ্চল।
পিতৃৰ বিয়োগত শোকবিহ্বল পুত্ৰইও হেৰুৱালে প্ৰাণ!
২৪ ঘন্টাৰ অন্তৰালত পিতা-পুত্ৰৰ এনে মৃত্যুৰ বাতৰিয়ে স্তম্ভিত কৰি তুলিছে সকলােকে।
নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত কটহগুৰিত পিতৃ-পুত্ৰৰ বিয়োগৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে।

ধীৰেন গাওখোৱা
জানিব পৰা মতে, নগাঁৱৰ ৰণথলী পঞ্চায়তৰ জ্যেষ্ঠ বিজেপি কর্মী তথা কৃষক ধীৰেন গাওখোৱাৰ ৭২ বছৰ বয়সত শুকুৰবাৰে বিয়লি প্ৰায় ৫ বজাত নিজগৃহত মৃত্যু ঘটে।
ইফালে পিতৃৰ বিয়োগত শোকত ভাগি পৰা ৩৪ বছৰীয়া পুত্ৰ গগন গাওখোৱাও অচেতন হৈ ঢলি পৰে।
লগে লগে তেওঁক নগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও তেতিয়ালৈকে মৃত্যু ঘটে গগন গাওখোৱাৰো।

গগণ গাওখােৱা
এখনন সৰু গেলামাল দোকান দি পৰিয়াল চলোৱা তিনিটা সন্তানৰ পিতৃ গগন গাওখোৱাৰ এনেদৰে পিতৃৰ বিয়োগৰ পিছতে মৃত্যু ঘটাত অঞ্চলটোত শোকৰ সৃষ্টি হয়।