শােকাৱহ! পুখুৰীত গা ধুবলৈ গৈ একেলগে ৪ কন্যা শিশুৰ সলিল সমাধি

শােকাৱহ! পুখুৰীত গা ধুবলৈ গৈ একেলগে ৪ কন্যা শিশুৰ সলিল সমাধি

September 23, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক কৰুণ ঘটনা।

পুখুৰীত গা ধুবলৈ গৈ একেলগে সলিল সমাধি ৪ কন্যা শিশুৰ।

নগাঁও জিলাৰ জুৰীয়াৰ সুতিৰপাৰত সংঘটিত হৈছে এক কৰুণ ঘটনা।

এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে জুৰীয়াৰ সুতিৰপাৰৰ চিতলমাৰি বিল গাঁৱত।

জানিব পৰামতে, পুখুৰীটোত ৫জনী কিশোৰীয়ে গা ধুবলৈ গৈছিল আৰু পুখুৰীটোৰ পানীত ডুব গৈ ৪ কিশোৰীৰ সলিল সমাধি ঘটে।

সৌভাগ্যক্ৰমে মৃত্যুৰ মুখত পৰা এগৰাকী কিশোৰী পুখুৰীটোৰ পৰা উঠি আহিবলৈ সক্ষম হয়।

ঘটনাটোৱে অঞ্চলজুৰি তীব্ৰ শােকৰ সৃষ্টি কৰিছে।

মৃত কিশোৰীকেইগৰাকী ইমৰাণ আলীৰ দুই কন্যা ১২ বছৰীয়া আৰচিনা খাতুন আৰু ৮ বছৰীয়া ইমৰানা বেগম।

আব্দুল ৰহিমৰ ১০ বছৰীয়া কন্যা ৰহিমা খাতুন আৰু উমেত আলীৰ ১৫ বছৰীয়া কন্যা নুনেচা খাতুন।

তিনিটাকৈ পৰিয়ালৰ চাৰি কিশোৰীৰ কৰুণ মৃত্যু ঘটা ঘটনাই এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।