শােকাৱহ! প্ৰমােদ বড়ােৰ কনভয়ৰ আৰক্ষীৰ বাহন দুৰ্ঘটনাত পতিত, আৰক্ষী জােৱানৰ মৃত্যু

নিউজ ডেস্ক। দুৰ্ঘটনাত পতিত হ’ল বিটিআৰৰ মুৰব্বী প্ৰমােদ বড়ােৰ কনভয়ৰ আৰক্ষীৰ বাহন।

এই দুৰ্ঘটনাত মৃত্যু এগৰাকী আৰক্ষী জােৱানৰ।

এই দুৰ্ঘটনা তিনিজন আৰক্ষী জােৱান গুৰুতৰভাৱে আহত হােৱা বুলি জানিব পৰা গৈছে।

তামুলপুৰৰ এঘাৰ মাইলত নিশা এই দুৰ্ঘটনা সংঘটিত হয়।

অৱশ্যে দুৰ্ঘটনাত পতিত বাহনখন কনভয়ৰ সৈতে নাছিল। দুৰ্ঘটনাত পতিত মহিন্দ্ৰ জীপ গাড়ীখনৰ নম্বৰ এএছ-১৬ই-৫੦৮২।

চিকিৎসাধীন অৱস্থাতে ৰাজু কলিতা নামৰ আৰক্ষীৰ লোকজনৰ মৃত্যু হয়।

ৰাজু কলিতা (ফাইল ফটাে)

আহত আন তিনিজনক সংকটজনক অৱস্থাত ৰঙিয়াস্থিত স্বস্তি হস্পিতেলত ভৰ্তি কৰোৱা হৈছে।

প্ৰমোদ বড়োৰ তামুলপুৰৰ গৃহৰ পৰা এছকোৰ্ট পাইলট বাহন এখন ৰঙিয়ালৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত লুটি খাই বাগৰি পৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

এই দুৰ্ঘটনাত ব্ৰজেন ৰাজবংশী, উৎপল পাটগিৰী আৰু প্ৰকাশ দাস নামৰ আন তিনিজন জোৱান আহত হয়।

সামাজিক মাধ্যমৰ জৰিয়তে এই ঘটনাত গভীৰ শােক প্ৰকাশ কৰে প্ৰমােদ বড়োৱে। তেওঁ কয়, ‘কালি মাজনিশা এক অতি দুৰ্ভাগ্যজনক ঘটনাত, মোৰ সুৰক্ষাকৰ্মীৰ এখন বাহন এক দূৰ্ঘটনাত পতিত হৈছিল। এই দূৰ্ঘটনাত আমাৰ এজন সুৰক্ষাকৰ্মী ৰাজু কলিতাই ঘটনাস্থলীতে শেষ নিশ্বাস ত্যাগ কৰে আৰু আন তিনিগৰাকী সুৰক্ষাকৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু চিকিৎসালয়ত ভৰ্তি হয়।
এই দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে মই অতিকৈ মৰ্মাহিত হৈছো লগতে তেখেতৰ বিদেহী আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।
মোৰ সুৰক্ষাকৰ্মী হিচাপে কৰ্মৰত ৰাজু কলিতাই যোৱা ২ বছৰৰ পৰা নিষ্ঠাৰে কাম কৰি আহিছিল আৰু তেখেতৰ কৰ্মপৰায়ণতা অতিকৈ সলাগিবলগীয়া আছিল।
মই তেখেতৰ পৰিয়ালৰ লগতে আঘাতপ্ৰাপ্ত আন সকলোকে এই দু:সময়ত সকলো প্ৰয়োজনীয় সহায় আৰু সহযোগিতা প্ৰদান কৰিম বুলি আশ্বাস দিছোঁ।

লগতে চাওকঃ

২ মে’ত আছিল বিয়া! কিন্তু তাৰ পূৰ্বেই পিতৃ-মাতৃ আৰু ২ ভগ্নীৰ সৈতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বৃদ্ধিয়ে

Leave a Comment