শােকাৱহ! বজ্ৰপাতত কৰুণ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ

শােকাৱহ! বজ্ৰপাতত কৰুণ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ

April 12, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

বজ্ৰপাতত কৰুণ মৃত্যু ঘটিল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ।

এই ঘটনাৰ স্থান বাক্সা জিলাৰ বগুলামাৰী।

জানিব পৰামতে, বৰবৰি থানাৰ অন্তৰ্গত বগুলামাৰীৰ বনগাঁও চুবুৰিৰ কালা বড়োৰ পুত্ৰ অঞ্চমা বড়োৱে (১৫) পুৱতি নিশা প্ৰস্ৰাৱ কৰিবলৈ ঘৰৰ বাহিৰলৈ ওলাই অহা সময়তে বজ্ৰ পৰে আৰু থিতাতে ছাত্ৰজনে কৰুণ মৃত্যুক আঁকোৱালি লয়।

পিচত কিশোৰজনৰ মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰৰ ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মৃত অঞ্চমা বৰিমাখা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল।

ছাত্ৰজনৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

লগতে চাওকঃ

৯৮ বছৰীয়া স্বামীৰ বিয়োগত ম্ৰিয়মান পত্নীয়েও ক্ষন্তেক পিছতে কৰিলে দেহত্যাগ…