শােকাৱহ! ভূমিস্খলনত নিহত মহিলা চিকিৎসক, মৃত্যুৰ পূৰ্বে কৰা টুইট ভাইৰেল

নিউজ ডেস্ক। দেশ-বিদেশৰ পৰ্যটকসকলৰ অন্যতম পছন্দ হিমাচল প্ৰদেশৰ পৰ্যটনস্থলী সমূহ। সু-উচ্চ হিমালয়ৰ পৰ্বতমালাৰে আৱৰা ৰাজ্যখনত প্ৰতি বছতে লাখ লাখ পৰ্যটকৰ আগমন ঘটে।

বিশেষকৈ ভাৰত-তিব্বত সীমান্তৱৰ্তী অঞ্চলসমূহৰ নৈসৰ্গিক সৌন্দৰ্য উপভােগ কৰিবলৈ সেই দুৰ্গম ঠাইসমূহত উপস্থিত হয় পৰ্যটকসকল।

সেই অনুসৰি দেওবাৰেও এটা ১১ জনীয়া পৰ্যটকৰ দল ৰাজ্যখনৰ কিন্নাওৰ জিলালৈ গৈছিল। কিন্তু তেওঁলােক জনা নাছিল যে এক ভয়াৱহ বিপদৰ সন্মুখীন হ’ব তেওঁলােক।

ওভতনি যাত্ৰাপথত চাংলা-চিতকুৰ পথত দলটো এখন টেম্প’ত গৈ থাকোতে সন্মুখীন হৈছিল ভয়ংকৰ ভূমিস্খলনৰ। য’ত প্ৰকাণ্ড শিল বাগৰি আহি বাহনত খুন্দা মৰাৰ বাবে ঘটনাত ৯ জন লোকৰে মৃত্যু হৈছিল আৰু আহত হৈছিল ৩ জন।

এই ঘটনাত ক্ষতিগ্ৰস্ত হয় আন একাধিক বাহনাে।

মৃত সেই ৯ জনৰ মাজত আছিল ডাঃ দীপা শৰ্মা (৩৪) নামৰ এগৰাকী চিকিৎসকো।

ভ্ৰমণ কালত তেওঁ প্ৰতি মূহুৰ্তত দৃশ্য সহ নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি গৈছিল টুইটাৰত। নিজৰ মৃত্যুৰ কেইমিনিট মানৰ পূৰ্বে তেওঁ নিজৰ এখন ফটোও শ্বেয়াৰ কৰিছিল টুইটাৰত।

সেই ফটোখনত তেওঁ লিখিছিল- “ভাৰতৰ সেই শেষ কেন্দ্ৰস্থলত থিয় হৈ আছো, যৰ পৰা আগলৈ যাবলৈ অনুমতি নাই। ইয়াৰ পৰা ৮০ কিমি দূৰত তিব্বত সীমান্ত আছে, য’ত চীনে অবৈধভাৱে নিজৰ দখল ৰাখিছে।”

সেই টুইটৰ কিছু সময়ৰ পিছতেই ভূমিস্খলনৰ শিলে খুন্দা মৰাত তেওঁৰ মৃত্যু হয়। এই ঘটনাত চাৰিগৰাকী মহিলাৰ মৃত্যু হৈছিল।

মৃত্যু হোৱাসকলৰ বেছিভাগেই আছিল জয়পুৰৰ। ডাঃ দীপাও আছিল জয়পুৰৰে।

পেছাত ডায়েটিচিয়ান ডাঃ দীপা প্ৰথমবাৰৰ বাবে অকলে এই ভ্ৰমণত গৈছিল। কিন্তু তেওঁ জনা নাছিল যে এইয়াই তেওঁৰ শেষ যাত্ৰা আছিল।

উল্লেখ্য যে এই ঘটনাৰ পিছতেই যেতিয়া সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰী সকলে তেওঁৰ মৃত্যুৰ খবৰ জানিব পাৰে, তেতিয়া সকলোৱে তেওঁৰ প’ষ্টটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বহুতে কৰে নানা আৱেগিক মন্তব্য।

মুহূৰ্ততে ভাইৰেল হৈ পৰে ডাঃ দীপা শৰ্মাৰ সেই বিশেষ টুইটটাে।

উল্লেখ্য যে ডাঃ দীপা শৰ্মাই ২੦১৩ ইং চনত অমিতাভ বচ্চনৰ জনপ্ৰিয় টিভি শ্ব’ ‘কৌন বনেগা কৰৌৰপতি’তাে অংশগ্ৰহণ কৰিছিল।

অমিতাভ বচ্চৰ সৈতে KBC ত ডাঃ দীপা শৰ্মা

ইপিনে, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰেও টুইটযোগে ঘটনাৰ শোক প্ৰকাশ কৰে।

তেওঁ প্ৰশাসনৰ লোকক ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ দিয়ে আৰু আহত সকলক উন্নত চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়ে।

প্ৰধানমন্ত্ৰীয়েও টুইটাৰযোগে ঘটনাৰ শোক প্ৰকাশ কৰে। তেওঁ নিহত সকলৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহত সকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে।

Leave a Comment