শােকাৱহ! সুউচ্চ পাহাৰৰ পৰা গাড়ীসহ তললৈ সৰি পৰি যুৱকৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা। গাড়ীসহ সুউচ্চ পাহাৰৰ পৰা তললৈ সৰি পৰিল মৃত্যু যুৱকৰ।

এই ঘটনাৰ স্থান ধেমাজী জিলাৰ জােনাইৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ পাংগিন।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ পাচিঘাটৰ পাংগিনত এখন বলেন’ গাড়ী লৈ ফুৰিবলৈ গৈছিল জোনাইৰ কেইজনমান যুৱক।

পাচিঘাটৰ চিয়াং নদীৰ পাৰৰ পংগিঙৰ ওখ পাহাৰৰ ভিউ পইণ্টৰ পৰা গাড়ীসহ চিয়াং আৰু য়াংমেন নৈৰ সংগমত পৰি মৃত্যু জোনাইৰ হৰিশ দলে নামৰ যুৱকৰ।

জানিব পৰা মতে, মঙলবাৰে জোনাইৰ ৰামধনদিশাৰী ঘণশ্যাম পেগু নামৰ এজন যুৱকে অৰুণাচলৰ পাচিঘাটলৈ এক বিশেষ কামৰ বাবে নিজৰ বেলেন’ গাড়ীৰে গৈছিল। লগত আছিল জোনাইৰ আন চাৰি গৰাকীৰ যুৱক।

পাচিঘাটত কাম শেষ কৰি খন্তেক ফুৰিবলৈ বুলি বডাক অৰ্থাৎ পংগিঙত থকা ওখ পাহাৰত থকা ভিউ পইণ্টত গাড়ী ৰখাই উপভোগ কৰিছিল চিয়াং নদীৰ নৈসৰ্গিক দৃশ্য।

তেনে সময়তে গাড়ীৰ ভিতৰত ম’বাইল এৰি যোৱা বুলি ঘনশ্যাম পেগুৱে লগৰ তথা জোনাইৰ ১নং শ্ৰীৰামপুৰীয়া হৰিশ দলে নামৰ যুৱকজনক গাড়ীৰ চাবি দি আনিবলৈ কয়।

ইফালে গাড়ী চলাব নজনা হৰিশ দলেই গাড়ীখন ষ্টাৰ্ট দিবলৈ ধৰোঁতে ভিউ পইণ্টৰ ৰেলিঙৰ ওপৰৰ পৰা তললৈ পৰি যায়।

জানিব পৰা মতে, স্থানীয় ৰাইজে হৰিশ দলে আৰু গাড়ীখনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

Leave a Comment