শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি হাঁহিৰ গহনা পিন্ধি মেধাৰ বলত JNUত নামভৰ্তি মঙলদৈৰ ৰূপশিখা নাথৰ…

নিউজ ডেস্কঃ ওঁঠত হাঁহিৰ গহনা পিন্ধি সকলোৰে মন জয় কৰি অহা মঙলদৈৰ বিশেষভাৱে সক্ষম ৰূপশিখাই লাভ কৰিলে আন এক সাফল্য।

শাৰীৰিক প্ৰত্যাহ্বানক নেওচিও মেধাৰ বলত ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠান দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত নামভৰ্তিৰ সুযোগ লাভ কৰিবলৈ সক্ষম হয় মেধাৱী ৰূপশিখা নাথে।

যোৱা ৩ নৱেম্বৰত ৰূপশিখাই জেএনইউৰ ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাব নামভৰ্তি কৰে।

ভূপেন্দ্ৰ নাৰায়ণ জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৯.৬৭ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱা ৰূপশিখাই ব্ৰিলিয়েন্ট একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৩.৬৭ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল।

তাৰ পিছতে তেওঁ মঙলদৈ মহাবিদ্যালয়ৰ পৰা ৮১.৫৪ শতাংশ নম্বৰসহ উত্তীৰ্ণ হৈ CUET পৰীক্ষাৰ জৰিয়তে দেশৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান জেএনইউত অধ্যয়নৰ সুযোগ লাভ কৰে।

হুইল চেয়াৰখনকে সাৰথি কৰি জীৱন যুদ্ধত জয়ী হোৱাৰ সপোন দেখা ৰূপশিখা নাথে ভৱিষ্যতে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হ’ব পাৰে।

আৰক্ষী বিভাগত কৰ্মৰত পিতৃ-মাতৃৰ আলাসৰ লাড়ু ছোৱালীজনীয়ে মেধা শক্তিৰে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰাত আনন্দিত হৈ পৰিছে পিতৃ-মাতৃও।

ইফালে ৰূপশিখাৰ কৃতিত্বৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে শনিবাৰে ২১ বৰ্ষীয় মেধাৱী ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত।

ডিজিপি মহন্তই ৰূপশিখাৰ অধ্যাৱসায় আৰু স্পৃহাৰ প্ৰশংসা কৰাৰ লগতে তেওঁৰ শিক্ষাৰ দিশত সহায় হোৱাকৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে।

লগতে কন্যাক উচ্চ শিক্ষিত কৰাৰ স্বাৰ্থত আৰক্ষী বিষয়া পিতৃ-মাতৃক ছুটি প্ৰদানৰো দায়িত্ব গ্ৰহণ কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই।

1 thought on “শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি হাঁহিৰ গহনা পিন্ধি মেধাৰ বলত JNUত নামভৰ্তি মঙলদৈৰ ৰূপশিখা নাথৰ…”

Comments are closed.