শাৰী পৰিধান কৰি দুঃসাহসিক স্কেটিং ৪৬ বছৰীয়া মহিলাৰ! ভিডিঅ’ ভাইৰেল

নিউজ ডেস্ক। ইচ্ছা আৰু একাগ্ৰতা থাকিলে সকলোৱেই সম্ভৱ। সেই কথা এইবাৰ প্ৰমাণ কৰিলে এগৰাকী ৪৬ বছৰীয়া মহিলাই। এই মহিলাগৰাকীয়ে শাৰী পৰিধান কৰি প্ৰদৰ্শন কৰি দেখুৱালে ‘স্কেট বৰ্ডিং’ খেল।

মহিলা গৰাকীৰ নাম হল অৰ্বী ৰয়। তেওঁ তৰণ্টত সেই খেল প্ৰদৰ্শন কৰে আৰু ‘আণ্টী স্কেটচ’ হিচাপে জনপ্ৰিয় সেই খেলৰ তেওঁৰ সেই দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

তেওঁৰ স্বামী আৰু পুত্ৰ দুয়ো সেই খেলত পাৰ্গত। লাহে লাহে তেওঁৱো সেই খেলৰ প্ৰতি আকৃষ্ট হয়। সেই অনুসৰি তেওঁ শিকিবলৈ লয় সেই খেল, আৰু স্কেট বৰ্ডিং খেলৰ প্ৰতি তেওঁ হৈ পৰে আসক্ত।

তেওঁ ভালদৰে প্ৰদৰ্শন কৰিব পৰা হয় সেই খেল। সেয়েহে তেওঁ নিজৰ প্ৰদৰ্শনৰ দৃশ্য ৰেকৰ্ড কৰি টিকটকত শ্বেয়াৰ কৰিবলৈ ইচ্ছা কৰে।

সেইমতে তেওঁ শাৰী পৰিধান কৰি প্ৰদৰ্শন কৰা দৃশ্য শ্বেয়াৰ কৰে। আৰু লগে লগে তেঁওৰ সেই দৃশ্য ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত।

তেওঁ এই সন্দৰ্ভত কয় যে, “মই এই বৰ্ষত এই ‘আণ্টী স্কেটচ’ আৰম্ভ কৰো। কাৰণ আছিল কোৰোনা ভাইৰাছ আৰু কানাডাৰ এই বৰ্ষৰ সূৰ্যৰ পোহৰৰ অভাৱৰ বাবে। মই ভাবিছো এই বিশালতা মোৰ কাষত আছিল। মই অলপ ভয় খাইছিলো, যিহেতু সকলো অন্ধকাৰ হৈ পৰিছিল। সেয়েহে কিছু আনন্দ আৰু যোগাত্মকতা প্ৰসাৰৰ বাবেহে মই ‘আণ্টী স্কেটচ’ প্ৰদৰ্শন কৰো। মোৰ সেই দৃশ্য দেখি বহুতে উৎসাহ পাইছে।”

তেওঁ আৰু কয় ”সকলোৰে মন্তব্যই মোক উৎফুল্লিত কৰিছে। মই এতিয়াহে অনুভৱ কৰিছো যে এই ক্ষেত্ৰত মোৰ কিছু পলম হল। কিন্তু মই এইয়া কৰি যাম। সুখী জীৱনৰ বাবে পলম কেতিয়াও নহয়। বহুতে এতিয়া ভাবিব তাই পাৰিছে যদি মইয়ো পাৰিম। যিয়ে মোক সুখী কৰিব।”

Leave a Comment