শিক্ষা বিভাগত পুনৰ পৰিৱৰ্তন! অষ্টম শ্ৰেণীৰ পৰা বাধ্যতামূলক হ’ব বুৰঞ্জী বিষয়…

নিউজ ডেস্কঃ অসমৰ শিক্ষা ক্ষেত্ৰখনত আকৌ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে অসম চৰকাৰ। ৰাজ্যৰ শিক্ষা ব্যৱস্থাত অষ্টম শ্ৰেণীৰ পৰা বুৰঞ্জী পাঠ্যক্ৰম বাধ্যতামূলক কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শনিবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী অহা বছৰৰ পৰা অষ্টম শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বুৰঞ্জী পাঠ্যক্ৰম বাধ্যতামূলক কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়া মতে, ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবলগা বুৰঞ্জীক দুটা ভাগত বিভক্ত কৰা হৈছে। সেয়া হৈছে ভাৰত বুৰঞ্জী আৰু অসম বুৰঞ্জী। পৰীক্ষাত দুয়োটা বুৰঞ্জী বিষয়ৰ পৰা ৫০-৫০ নম্বৰ থাকিব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘ৰাজ্যত বুৰঞ্জী পঢ়াৰ এটা পৰিৱেশ গঢ় দিব লাগে। বুৰঞ্জীয়ে আমাৰ জাতিটোৰ ওপৰত অতীতক আলোকপাত কৰাত সুবিধা কৰিব। বুৰঞ্জী ভালকৈ পঢ়িলৈ আমাৰ মাজত সমন্বয়ৰ অভাৱ নহ’ব।’

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসমীয়া মাধ্যমত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম ব্যৱহাৰৰ কথা ঘোষণা কৰিছিল অসম চৰকাৰে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে যাতে ভাল প্ৰদৰ্শন কৰিব পাৰে, তাৰ বাবে এই দুটা বিষয়ত ইংৰাজী মাধ্যম ব্যৱহাৰৰ সিদ্ধান্ত লৈছিল চৰকাৰে। অৱশ্যে চৰকাৰৰ এই সিদ্ধান্ত অসমীয়া জাতি আৰু ভাষা বিদ্বেষী বুলি ইয়াৰ বিৰোধিতা কৰিছে অনেকে।