নিউজ ডেস্কঃ ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
এতিয়াৰে পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীত নিয়মিতভাৱে অনুষ্ঠিত হ’ব বছেৰেকীয়া পৰীক্ষা।
এই পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব ছাত্ৰ-ছাত্ৰী সকলে।
বছেৰেকীয়া পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে দুমাহৰ ভিতৰত অনুষ্ঠিত হ’ব আন এক বিশেষ পৰীক্ষা।
এই বিশেষ পৰীক্ষাত যাতে ছাত্ৰ-ছাত্ৰীয়ে উতীৰ্ণ হ’ব পাৰে, তাৰ বাবে বিদ্যালয়ৰ শিক্ষকে শুধৰণিমূলক পাঠদান কৰাৰ লগতে বিশেষ যত্ন ল’ব লাগিব।
কিন্তু তাৰ পিছতো যদি বিশেষ পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে অনুত্তীৰ্ণ হয়, তেন্তে একেটা শ্ৰেণীতে তেওঁক ৰখাই দিয়া হ’ব।
পুনৰ একেটা শ্ৰেণীতে শিক্ষালাভ কৰি অহা বছৰ অৱতীৰ্ণ হ’ব লাগিব পৰীক্ষাত।
সংবাদ মেলত শিক্ষা বিভাগৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে।
সৰ্বশিক্ষা অভিযানৰ পৰিপ্ৰেক্ষিতত অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীক ফেইল নকৰাকৈ উত্তীৰ্ণ কৰাই দিয়া হৈছিল।
যাৰ বাবে শিক্ষাৰ গুণগত মানদণ্ডত প্ৰভাৱ পৰা বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
আৰু তেনে কাৰণতে ৰাজ্য চৰকাৰে এনেধৰণে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে।