শিক্ষয়িত্ৰী-গল্পকাৰ কৰিশ্মা শইকায়ীৰ ক’ভিড-১৯ত অকাল মৃত্যু

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন জিলাত এতিয়াও অব্যাহত আছে ক’ভিড-১৯ ভাইৰাছৰ বিভীষিকা।

ক’ভিড-১৯ৰ সংক্ৰমণত আক্ৰান্ত হৈ আমাৰ মাজৰ পৰা অকালতে হেৰাই গৈছে বহু লােক।

অকালতে হেৰাই গৈছে বহু প্ৰতিভাসম্পন্ন ব্যক্তিত্ব।

ইয়াৰ মাজতে গোলাঘাটত এগৰাকী জনপ্ৰিয় শিক্ষয়িত্ৰী তথা গল্পকাৰ, কৰিশ্মা শইকীয়াৰ মৃত্যুৰ ঘটনাই গভীৰ শােকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, ক’ভিড-১৯ত আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৩৩ বছৰীয়া শিক্ষয়িত্ৰীগৰাকী।

বিগত এসপ্তাহে চিকিৎসালয়ৰ ভেণ্টিলেছনত মৃত্যুৰ সৈতে যুঁজ দি বৃহস্পতিবাৰে পুৱা শেষ নিস্বাস ত্যাগ কৰে শিক্ষয়িত্ৰীগৰাকী।

শিক্ষয়িত্ৰী তথা সৰ্বশিক্ষা তথা সৰ্বশিক্ষা বিভাগৰ পূব শিক্ষা খণ্ডৰ খণ্ড মণ্ডল সমন্বয়কৰূপে কৰ্মৰত কৰিশ্মা কাব্য প্ৰতিভাৰে উজলি উঠাৰ লগতে বৌদ্ধিক ক্ষেত্ৰখনৰ লগতো নিবিড়ভাৱে জড়িত আছিল।

গোলাঘাট বিপিন ফুকন নগৰৰ নিবাসী শইকীয়াই গল্পকাৰৰূপেও প্ৰতিভাৰ স্বাক্ষৰ বহন কৰি গৈছে।

অসম সাহিত্য সভাৰ আজীৱন সদস্য, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাখনক গতিশীল কৰাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই গৈছে।

স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি, গুণমুগ্ধই শইকীয়াৰ অকাল মৃত্যুত শওক প্ৰকাশ কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে।

Leave a Comment