নিউজ ডেস্ক। এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় মধ্য প্ৰদেশৰ বিদিশাত।
এটি ১৪ বছৰীয়া শিশুক উদ্ধাৰ কৰিবলৈ গৈ কুঁৱাৰ ঢাকনি ভাঙি ভিতৰলৈ সোমাই গ’ল ৩০ জনৰো অধিক লোক।

এই ঘটনাটো বৃহস্পতিবাৰৰ নিশা প্ৰায় ১১:৩০ মান সংঘটিত হয় বজাত বিদিশাৰ গঞ্জ বাসুদা অঞ্চলৰ লাল পাথৰ গাৱঁত।
ঘটনাত চাৰিজন লোক মৃত্যু হোৱাৰ বিপৰীতে ২৩ জনক জীৱন্তে উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।
বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এনডিআৰএফ আৰু এচডিআৰএফৰ দলে।
ঘটনা অনুসৰি, বৃহস্পতিবাৰৰ সন্ধিয়া ৬ মান বজাত এটা ১৪ বছৰীয়া শিশু পৰি যায় কুঁৱাটোত। লগে লগে শিশুটোক উদ্ধাৰৰ বাবে কুঁৱাৰ পাৰত গোট খায় যথেষ্ট মানুহ। কিন্তু মানুহৰ ভৰ সহিব নোৱাৰি কুঁৱাটোৰ ওপৰত থকা পকা ঢাকনিখন ভাঙি পৰে। যাৰফলত ৩০ ৰো অধিক লোক সোমাই পৰে ১০-১৫ ফুট গভীৰ কুঁৱাটোত।
विदिशा में भयानक हादसा, कुएं में गिर गए 12 से ज्यादा लोग#MadhyaPradesh pic.twitter.com/pV7O1l5NPr
— News24 MP-CG (@News24_MPCG) July 15, 2021
ঘটনাৰ পিছতেই স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক। লগে লগে আৰক্ষী, স্থানীয় প্ৰশাসন সহ ঘটনাস্থলীত উপস্থিত হয় এনডিআৰএফ আৰু এচডিআৰএফৰ দল। উদ্ধাৰ কাৰ্যত নামি পৰে বাহিনী। তেতিয়ালৈ তিনিজন লোকৰ মৃত্যু হয়। আৰু জীৱন্তে উদ্ধাৰ কৰা হয় ২৩ জন লোকক।
Three dead and 19 rescued following collapse of wall of a well at Gani Basoda in Vidisha district of MP. Rescue operation is underway. @News18India @CNNnews18 @ChouhanShivraj pic.twitter.com/1dC0hRc8wS
— Manoj Sharma (@ManojSharmaBpl) July 16, 2021
উল্লেখ্য যে এই ঘটনাৰ পিছতেই মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে জিলাখনৰ অভিভাৱক মন্ত্ৰী বিশ্বাস সাৰংগক ঘটনাস্থলীত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় অভিভাৱক মন্ত্ৰী জন। মন্ত্ৰীজনে নিহতৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰু আহত সকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে।
মুখ্যমন্ত্ৰীয়ে লগতে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে।