শোকবহ! বিদ্যালয়লৈ যোৱাৰ পথত অঘটন, চলন্ত বাছৰ পৰা পিচলি অকাল মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ…

শোকবহ! বিদ্যালয়লৈ যোৱাৰ পথত অঘটন, চলন্ত বাছৰ পৰা পিচলি অকাল মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ…

December 3, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ তেজপুৰৰ বিন্দুগুড়িত বিদ্যালয়লৈ যোৱাৰ পথতে চলন্ত বাছৰ পৰা পৰি এগৰাকী ছাত্ৰৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

শনিবাৰে পুৱা বিন্দুগুড়িৰ গৰৈমাৰী দুৰং গেটৰ সমীপত সংঘটিত হয় এই শোকাবহ ঘটনা।

জানিব পৰা মতে, বিন্দুগুড়ি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ জয়দ্বীপ চৌৰাও শনিবাৰে পুৱা ৰঙাপাৰাৰ পৰা তেজপুৰ অভিমুখী এএছ ১২ই ০১৯৪ নম্বৰৰ বাছত উঠি বিদ্যালয়লৈ গৈছিল।

সেই সময়তে গৰৈমাৰীৰ দুৰুং গেটৰ সমীপত চলন্ত বাছৰ পৰা পিচলি হঠাৎ পৰি যায় জয়দ্বীপ।

তাৰ পিছতে ছাত্ৰজনৰ গাৰ ওপৰেৰে পাৰ হৈ যায় বাছখনৰ চকা।

এই দুৰ্ঘটনাত মূৰত গুৰুতৰভাৱে আঘাত পোৱা ছাত্ৰজনক লগে লগে হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।