শোকাবহ! কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত ৰহস্যজনক মৃত্যু অসমীয়া জোৱানৰ, তদন্তৰ দাবী পৰিয়ালৰ…

শোকাবহ! কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত ৰহস্যজনক মৃত্যু অসমীয়া জোৱানৰ, তদন্তৰ দাবী পৰিয়ালৰ…

August 7, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত কৰ্তব্যৰত এগৰাকী অসমীয়া জোৱানৰ ৰহস্যজনক মৃত্যুৰ বাতৰিয়ে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

জোৱানজনৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকত ভাগি পৰিছে পৰিয়াল।

জানিব পৰা মতে, দক্ষিণ কাশ্মীৰত কৰ্তব্য আছিল তিতাবৰৰ ন-চুঙিৰ নিতুল হাজৰিকা নামৰ বিএছএফৰ ১০৮নং বেটেলিয়ানৰ জোৱানগৰাকী।

শনিবাৰে ১০৮নং বেটেলিয়নৰ তৰফৰ পৰা জোৱানজনৰ পৰিয়ালক অৱগত কৰা মতে, নুতুল হাজৰিকাই তেওঁৰ চাৰ্ভিছ ৰাইফলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে।

এই খবৰ লাভ কৰিয়েই শোকত ভাগি পৰিছে নিতুল হাজৰিকাৰ পৰিয়ালৰ সদস্যসকল।

আনহাতে জোৱানৰ মৃত্যু ৰহস্যজনক বুলিও দাবী কৰিছে পৰিয়ালে।

২০০৪ চনত ভাৰতীয় সেনা বাহিনীত যোগদান কৰি বিগত সময়ত কাশ্মীৰত কৰ্তব্যৰত হৈ থকা জোৱানজনৰ মৃত্যুৰ তদন্তৰ দাবী জনাইছে পৰিয়ালে।

লগতে চাওকঃ

অপাৰ মহিমা পংকজৰ! কেতিয়াবা যদি IPS, কেতিয়াবা আকৌ ASI, আন কেতিয়াবা আকৌ NSG কমাণ্ডো হৈ ধন দাবী কৰে মানুহক, অৱশেষত গ্ৰেপ্তাৰ…