শোকাবহ! গীত পৰিৱেশনৰ সময়তে হঠাৎ ঢলি পৰিল তেজস্বিতা, অকালতে বিদায় ল’লে প্ৰতিভাৱান কণ্ঠশিল্পী গৰাকীয়ে

শোকাবহ! গীত পৰিৱেশনৰ সময়তে হঠাৎ ঢলি পৰিল তেজস্বিতা, অকালতে বিদায় ল’লে প্ৰতিভাৱান কণ্ঠশিল্পী গৰাকীয়ে

October 5, 2022 Off By NEWS DESK

নিউজ ডেস্ক। গীতৰ জৰিয়তে পৰিচয় গঢ়া মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাই গীত গাই গায়েই গুচি গ’ল ইহ জগতৰ পৰা!

বুধবাৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোত্সৱৰ অনুষ্ঠানত সংগীত পৰিবেশন কৰি থাকোতেই মৃত্যুক সাৱটি লয় কণ্ঠশিল্পীগৰাকীয়ে।

এই ঘটনাই শোকৰ বন্যা নমাইছে মাজুলীৰ লগতে সংগীত জগতখনত।

উল্লেখ্য যে, মাজুলীৰ দৰিয়াগাঁও নামঘৰত বুধবাৰে অনুষ্ঠিত হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোত্সৱ।

সেই অনুষ্ঠানতে গীত গাই থকা অৱস্থাত হঠাৎ ঢলি পৰে তেজস্বিতা।

লগে লগে তেওঁক গড়মূৰৰ পীতাম্বৰ দেৱ গোস্বামী জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে গায়িকাগৰাকীৰ।

লগতে চাওকঃ

মৰ্মান্তিক! মাতৃৰ সৈতে নৱৰাত্ৰীৰ গৰৱা নৃত্য উপভোগ কৰি থকাৰ সময়তে হঠাৎ গুলীবিদ্ধ হৈ মৃত্যু এটি ১১ বছৰীয়া কণমানিৰ…