শোকাবহ! ঘৰৰ পদূলিতে হাতীৰ গছকত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰীৰ, সংকটজনক মাতৃৰ অৱস্থাও…

শোকাবহ! ঘৰৰ পদূলিতে হাতীৰ গছকত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰীৰ, সংকটজনক মাতৃৰ অৱস্থাও…

December 13, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ যোৰহাট জিলাৰ মৰিয়নীত মঙলবাৰে পুৱতি নিশা সংঘটিত এক মৰ্মান্তিক ঘটনা।

ঘৰৰ পদূলিতে বন্যহস্তীৰ গছকত অকাল মৃত্যুক সাৱটি লয় এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে।

ইফালে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে মাতৃও।

পুৱতি নিশা মৰিয়নীৰ বিজয়পুৰত সংঘটিত হয় এই শোকাবহ ঘটনাটো।

জানিব পৰা মতে, পুৱতি নিশা গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল এটা বনৰীয়া হাতীৰ জাক।

সেই হাতীৰ জাকটোৰে এটা হাতীয়ে বিজয়পুৰ গাঁৱত প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰে।

গাঁওবাসীয়ে হাতীটো খেদিবলৈ চেষ্টা চলোৱাৰ সময়তে আক্ৰমণ চলায় বৰষা গগৈ নামৰ কিশোৰীগৰাকীক।

ইফালে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বৰষাৰ মাতৃ লক্ষীমাই গগৈও।

আহত মাতৃ-কন্যাক ততাতৈয়াকৈ যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে বৰষাক।

জানিব পৰা মতে, বৰষা গগৈ মৰিয়নী জংঘলব্লক হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল।

ভাতৃ সঞ্জীৱ গগৈৰ সন্মুখতে বনৰীয়া হাতীৰ গছকত প্ৰাণ হেৰুৱায় ছাত্ৰীগৰাকীয়ে।

বৰষাৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।