শোকাবহ! ঘৰৰ সন্মুখৰ আৱৰ্জনাত লগাই দিয়া জুইত অগ্নিদগ্ধ ৩ বছৰীয়া ৰায়ন, হাস্পতালত মৃত্যু

নিউজ ডেস্কঃ ঘৰৰ সন্মুখত আৱৰ্জনাত লগাই দিয়া জুইত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিবলগীয়া হয় এটি কণমানিয়ে। এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাৰ কোঝিকোডত।

জানিব পৰা মতে, কোঝিকোডৰ কন্দমংগলামৰ নিৱাসী নৌছাদ আৰু হছনাথৰ বছৰীয়া পুত্ৰ ৰায়নৰ ৮০ শতাংশ শৰীৰ অগ্নিদগ্ধ হৈ পৰিছিল। শিশুটিক চিকিৎসাৰ বাবে কোঝিকোড মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকৰ অশেষ প্ৰচেষ্টাৰ পিছতো শুকুৰবাৰে মৃত্যু ঘটে ৰায়নৰ।

বাতৰি অনুসৰি, দুদিনপূৰ্বে মাতৃ হছনাথে ঘৰৰ বাহিৰত পেলনীয়া আৱৰ্জনা জ্বলাই দিছিল। আৱৰ্জনাত জুই লগাই তেওঁ ঘৰৰ ভিতৰত অন্য কামত ব্যস্ত হৈ পৰে।

আনহাতে সেই সময়ত ৩ বছৰীয়া ৰায়নে খেলিবলৈ বুলি ওলাই অহাৰ সময়তে কেনেবাকৈ জুইত পৰি যায়।

শিশুটিৰ চিঞৰ শুনি মাতৃ আৰু স্থানীয় নিৱাসীসকল ততাতৈয়াকৈ আহি শিশুটিক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। কিন্তু তেতিয়ালৈকে দেশৰ আশী শতাংশ জ্বলি যোৱা ৰায়নৰ মৃত্যু ঘটে হাস্পতালত।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। ইফালে আৰক্ষীয়ে অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।