শোকাবহ! ছবিগৃহত ‘ব্ৰহ্মাস্ত্ৰ’ উপভোগৰ সময়তে প্ৰাণ গ’ল এগৰাকী মহিলাৰ…

শোকাবহ! ছবিগৃহত ‘ব্ৰহ্মাস্ত্ৰ’ উপভোগৰ সময়তে প্ৰাণ গ’ল এগৰাকী মহিলাৰ…

September 19, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ছবিঘৰত বহি ছবি উপভোগ কৰি থকাৰ সময়তে হঠাৎ মৃত্যুক সাৱটি ল’লে এগৰাকী মহিলাই।

এই শোকাবহ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত।

জানিব পৰা মতে, দেওবাৰে নিশা পৰিয়াল সহ ডিব্ৰুগড় চহৰস্থিত শ্বোহমৰ গেলেৰিয়াত সদ্য মুক্তিপ্ৰাপ্ত হিন্দী ছবি ‘ব্ৰহ্মাস্ত্ৰ’ উপভোগ কৰিবলৈ গৈছিল পাৱেল আগৰৱালা নামৰ ৫০ বৰ্ষীয় মহিলাগৰাকীয়ে।

ছবিগৃহত চিনেমাখন উপভোগ কৰি থকা সময়তে হঠাৎ হৃদৰোগত আক্ৰান্ত হয় মহিলাগৰাকী। লগে লগে তেওঁক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও ইতিমধ্যে মৃত্যু ঘটে পাৱেল আগৰৱালৰ।

ছবিগৃহতে এনেদৰে হৃদৰোগত আক্ৰান্ত হৈ মহিলাগৰাকীৰ মৃত্যু ঘটা ঘটনাই অঞ্চলটোত শোকৰ বন্যা নমাইছে।

লগতে চাওকঃ

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ নয়না, অহা ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতিয়ে কৰিব পুৰস্কৃত