শোকাবহ! জন্মদিনৰ দিনা মোবাইল কিনিবলৈ গৈ উভতি নাহিল চিআৰপিএফৰ জোৱান কিশোৰ কলিতা, পথ দুৰ্ঘটনাই কাঢ়ি নিলে প্ৰাণ

শোকাবহ! জন্মদিনৰ দিনা মোবাইল কিনিবলৈ গৈ উভতি নাহিল চিআৰপিএফৰ জোৱান কিশোৰ কলিতা, পথ দুৰ্ঘটনাই কাঢ়ি নিলে প্ৰাণ

September 3, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ নিজৰ জন্মদিন বুলি বজাৰলৈ মোবাইল কিনিবলৈ গৈছিল চিআৰপিএফ জোৱান কিশোৰ কলিতাই। কিন্তু বজাৰৰ পৰা উভতি অহাৰ পথতে তেওঁৰ সৈতে সংঘটিত হ’ল কৰুণ ঘটনা।

ছুটি লৈ ঘৰলৈ অহা চিআৰপিএফ জোৱানজনে নিজৰ জন্মদিনৰ দিনা মোবাইল কিনি ঘৰলৈ আহি থকা সময়তে অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হয়। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ বঙাইগাঁও জিলাত।

জানিব পৰা মতে, বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তপাৰাৰ নিৱাসী চিআৰপিএফ জোৱান কিশোৰ কলিতাই কিছুদিনৰ ছুটি লৈ ঘৰলৈ আহিছিল। শুকুৰবাৰে আছিল তেওঁৰ জন্মদিন। সেই উপলক্ষ্যে এটা নতুন বজাৰ ক্ৰয় কৰিবলৈ তেওঁ সন্ধিয়া ওচৰতে থকা কাবাইটাৰী বজাৰলৈ যায়।

কিন্তু বজাৰৰ পৰা উভতি অহাৰ সময়ত তেওঁৰ AS19 R 33397 নম্বৰৰ ৰয়েল এনফিল্ড বাইকখনত এখন অচিনাক্ত বাহনে খুন্দা মৰাত পথৰ দাঁতিত চিটিকি পৰি মৃত্যুক সাৱটিবলগীয়া হয় কিশোৰ কলিতাই। ইফালে এই দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহন চালকজনে।

জন্মদিনৰ দৰেই এনেদৰে পথ দুৰ্ঘটনাত চিআৰপিএফ জোৱানক হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে তেওঁৰ পৰিয়াল। আনহাতে এই ঘটনাই শোকৰ ছাঁ পেলাইছে বঙাইগাঁৱতো।