শোকাবহ! জম্মু-কাশ্মীৰত মৃত্যু সীমান্ত সুৰক্ষা বাহিনীত কৰ্তব্যৰত অসম সন্তান দুলাল শৰ্মাৰ, শোকস্তব্ধ পৰিয়াল…

শোকাবহ! জম্মু-কাশ্মীৰত মৃত্যু সীমান্ত সুৰক্ষা বাহিনীত কৰ্তব্যৰত অসম সন্তান দুলাল শৰ্মাৰ, শোকস্তব্ধ পৰিয়াল…

September 21, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত সীমান্ত সুৰক্ষা বাহিনীত কৰ্তব্যৰত এগৰাকী অসমীয়া বিষয়াৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালৰ লগতে অসংখ্য জনক।

সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ উপ পৰিদৰ্শক দুলাল শৰ্মাৰ নশ্বৰ দেহ বুধবাৰে পুৱা বিমানযোগে অসমলৈ অনা হয়। তাৰ পিছতে লৈ যোৱা হয় নগাঁও জিলাৰ কুৰুৱাবাহী-বেবেজীয়া পথস্থিত স্বগৃহলৈ।

সেনা বিষয়াগৰাকীৰ নশ্বৰ দেহ স্বগৃহত উপস্থিত হোৱাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে।

উল্লেখ্য যে, যোৱা ১৭ ছেপ্টেম্বৰত সীমান্ত সুৰক্ষা বাহিনীৰ শিৱিৰত চিৰিৰ পৰা বাগৰি পৰা গুৰুতৰভাৱে আহত হৈছিল দুলাল শৰ্মা।

তাৰ পিছতে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও ১৯ ছেপ্টেম্বৰত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে অসম সন্তানগৰাকীয়ে।

কৰ্তব্যস্থলীতে এনেদৰে অকাল মৃত্যুক সাৱটি লোৱা বিএছএফৰ বিষয়াগৰাকীৰ নশ্বৰ দেহ বুধবাৰে বিমানযোগে গুৱাহাটীলৈ অনাৰ পিছত তাৰ পৰা নগাঁৱৰ গৃহলৈ লৈ যোৱা হয়।

জন্মভূমিত অসংখ্য জনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় সীমান্ত সুৰক্ষা বাহিনীৰ উপ পৰিদৰ্শক দুলাল শৰ্মাৰ।

লগতে চাওকঃ

সফলতা গছত লগা ফল নহয়! পথাৰত হাল বাই, শাক-পাচলি বিক্ৰী কৰি অৱশেষত আৰক্ষী কমাণ্ডো হ’ল টিংখঙৰ মায়াদেৱী…