শোকাবহ! জলপ্ৰপাতত ছেলফি উঠিবলৈ গৈ সোঁতত উটি গ’ল যুৱক…

শোকাবহ! জলপ্ৰপাতত ছেলফি উঠিবলৈ গৈ সোঁতত উটি গ’ল যুৱক…

October 10, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ লাংভুকু জলপ্ৰপাতত ছেলফি উঠিবলৈ গৈ এজন যুৱক সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, শনিবাৰে লাংভুকু জলপ্ৰপাতত ছেলফি উঠাৰ সময়তে বিয়লি প্ৰায় ৩ বজাত অসাৱধানবশতঃ ভৰি পিছলি সোঁতত উটি যায় যুৱকজন।

সন্ধানহীন হৈ থকা যুৱকজনৰ পৰিচয় ডিমাপুৰৰ সুৰেশ চাকমা (২৩) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, স্নাতক পৰীক্ষাৰ পিছতে ৩ বন্ধুৰ সৈতে লাংভুকু জলপ্ৰপাতলৈ ফুৰিবলৈ আহিছিল সুৰেশ চাকমা।

ইফালে শনিবাৰে যুৱকজন সন্ধানহীন হোৱাৰ পিছতে পৰিয়ালয়ৰ লোকে দেওবাৰে মাঞ্জা আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰায়।

আৰক্ষীয়ে যুৱকজনৰ সন্ধানত অভিযান চলাইছে যদিও এতিয়াও সুৰেশ চাকমাৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

ছেলফিৰ বাবেই জলপ্ৰপাতত এনেদৰে এজন যুৱক উটি যোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে অঞ্চলটোত।