শোকাবহ! তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ হাস্পতালত মৃত্যু ভাৰতীয় সেনা বিষয়া কৰ্ণেল ৰমেশ ৰাথোৰৰ…

শোকাবহ! তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ হাস্পতালত মৃত্যু ভাৰতীয় সেনা বিষয়া কৰ্ণেল ৰমেশ ৰাথোৰৰ…

November 16, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ মঙলবাৰে কাৰ্যালয়ৰ পৰা খোজকাঢ়ি ঘৰলৈ গৈ থকা সময়ত দ্ৰুতবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ৰমেশ ৰাথোৰৰ বুধবাৰে পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।

উল্লেখ্য যে, শ্বিলঙৰ ১২ আৰ্মড ৰেজিমেণ্টৰ কৰ্ণেল ৰমেশ ৰাথোৰে মঙলবাৰে সন্ধিয়া ৫ বজাত কাৰ্যালয়ৰ পৰা কৰ্তব্য সম্পাদন কৰি খোজ কাঢ়ি গৈ থকা সময়তে এখন তীব্ৰবেগী স্কৰপিঅ’ বাহনে সেনা বিষয়াগৰাকীক মহতিয়াই নিয়ে।

এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সেনা বিষয়াগৰাকীক লগে লগে হাস্পতালত ভৰ্তি কৰা হয় যদিও বুধবাৰে পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসাধীন অৱস্থাত।

ৰাজস্থানৰ চুৰু জিলাৰ ঘনাউ সদুলপুৰ গাঁৱৰ নিৱাসী কৰ্ণেল ৰমেশ ৰাথোৰৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকত ভাগি পৰিছে তেওঁৰ পৰিয়াল।

জানিব পৰা মতে, সেনা বিষয়াগৰাকীৰ নশ্বৰ দেহ ১৭ নৱেম্বৰত প্ৰথমে জয়পুৰলৈ লৈ যোৱা হ’ব। তাৰ পিছত ১৮ নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰে তেওঁৰ জন্ম গাঁৱত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব কৰ্ণেল ৰমেশ ৰাথোৰৰ।