শোকাবহ! দুপৰীয়া ভাত খাই মজিয়াত শুই থাকোতেই সাপে খুটিলে মহিলাক, তিনিদিন চিকিৎসাধীন হৈ থাকি মৃত্যু

নিউজ ডেস্কঃ দুপৰীয়া শুই থকা সময়তে বিষাক্ত সৰ্পৰ দংশনত মৃত্যু ঘটিল এগৰাকী মহিলাৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ বৰভাগৰ মৌৰাত।

জানিব পৰা মতে, মৌৰাৰ মাকণি কলিতা নামৰ মহিলাগৰাকীয়ে বৃহস্পতিবাৰে দুপৰীয়া ভাত খাই মজিয়াত শুইছিল। সেই সময়তে বিষাক্ত সাপে দংশন কৰে মহিলাগৰাকীক।

লগে লগে মহিলাগৰাকীক পৰিয়ালৰ লোকে নলবাৰী অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তাৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

কিন্তু জিএমচিত বিগত তিনিদিন ধৰি চিকিৎসাধীন হৈ থাকি সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে মাকণি কলিতাই।

ইপিনে মহিলাগৰাকীৰ মৃতদেহ সৎকাৰ কৰাৰ পৰিৱৰ্তে পৰম্পৰা পালন কৰি ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে মুকালমুৱাত ব্ৰহ্মপুত্ৰ নদীৰ কাপলাবড়ী ঘাটত কলৰ ভূঁৰ সাজি উটুৱাই দিয়ে মাকণি কলিতাৰ মৃতদেহ।

মহিলাগৰাকীৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলায়।

1 thought on “শোকাবহ! দুপৰীয়া ভাত খাই মজিয়াত শুই থাকোতেই সাপে খুটিলে মহিলাক, তিনিদিন চিকিৎসাধীন হৈ থাকি মৃত্যু”

Comments are closed.