শোকাবহ! ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাত সন্ধানহীন চক্ৰ বিষয়া সঞ্জু দাসসহ কেইবাজনো…

এশৰো অধিক যাত্ৰীসহ ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গ’ল এখন যন্ত্ৰচালিত নাও।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ধুবুৰীৰ ভাচামী চৰত।

দলঙৰ খুঁটাত খুন্দা মৰাৰ পিছতে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় নাওখন।

ঘটনাস্থলীত আৰক্ষী আৰু এছডি আৰ এফ বাহিনী উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

কিন্তু বৰ্তমানো সন্ধানহীন হৈছে আছে কেইবাজনো লোক।

এই নাও দুৰ্ঘটনাত সন্ধানহীন ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসও।

সঞ্জু দাসৰ নেতৃত্বত তিনিজনীয়া এটা দলে চৰাঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে লুইতৰ বুকুত সন্ধানহীন হয় চক্ৰ বিষয়াগৰাকী।

উদ্ধাৰকাৰী দলে অভিযান চলাই সন্ধান উলিয়াব পৰা নাই সঞ্জু দাসৰ।

দুৰ্ঘটনাৰ সময়ত নাওখনত কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নথকাৰ অভিযোগ উত্থাপন হৈছে।

বৰ্তমানো ব্ৰহ্মপুত্ৰৰ পানীৰ তলতে আছে দুৰ্ঘটনাগ্ৰস্ত নাওখন।