শোকাবহ! নাৰ্ছিং হোমৰ ভুল চিকিৎসাৰ বলি হৈ অকাল মৃত্যু বিজেপিৰ নেত্ৰী উপমা বৰাৰ, ক্ষুব্ধ সমৰ্থকে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ…

শোকাবহ! নাৰ্ছিং হোমৰ ভুল চিকিৎসাৰ বলি হৈ অকাল মৃত্যু বিজেপিৰ নেত্ৰী উপমা বৰাৰ, ক্ষুব্ধ সমৰ্থকে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ…

February 13, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ বিশিষ্টা সমাজকৰ্মী তথা বিজেপি নেত্ৰী তথা পৌৰসভাৰ নিৰ্বাচিত প্ৰতিনিধি উপমা বৰাৰ আকস্মিক মৃত্যুৱে মৰ্মাহত কৰিছে সমগ্ৰ শিৱসাগৰবাসীক।

প্ৰগতি নাৰ্ছিং হোমত ভুল চিকিৎসা আৰু চিকিৎসক-নাৰ্ছৰ গাফিলতিৰ বাবেই বিজেপি নেত্ৰীগৰাকীৰ মৃত্যু ঘটাৰ অভিযোগো উত্থাপন হৈছে।

জানিব পৰা মতে, প্ৰস্ৰাৱৰ ইনফেকশ্যনৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৪ দিন পূৰ্বে শিৱসাগৰৰ প্ৰগতি নাৰ্ছি হোমত ভৰ্তি হৈছিল শিৱসাগৰ পৌৰসভাৰ ১০নং ৱাৰ্ডৰ নিৰ্বাচিত প্ৰতিনিধি উপমা বৰা (৪৪)ই।

ডায়বেটিছ ৰোগতো আক্ৰান্ত উপমা বৰাই উন্নত চিকিৎসাৰ বাবে পিছত ডিব্ৰুগড়ত ভৰ্তি হোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল যদিও প্ৰগতি নাৰ্ছি হোমৰ চিকিৎসকে তাতেই চিকিৎসা সম্ভৱ হ’ব বুলি অভয়বাণী প্ৰদান কৰিছিল।

কিন্তু দেওবাৰে সন্ধিয়া হঠাৎ উপমা বৰাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ ধৰে। সেই সময়ত তেওঁৰ পৰিয়ালৰ লোকে উপমা বৰাৰ চিকিৎসা চলাই থকা চিকিৎসকগৰাকীক ৮ বাৰকৈ ফোন কৰে যদিও চিকিৎসকে এবাৰলৈও ৰিচিভ নকৰিলে।

যাৰ পৰিণতিত নিশাৰ ভাগত মৃত্যুক সাৱটি ল’বলগীয়া হয় বিজেপি নেত্ৰী তথা সমাজকৰ্মী গৰাকীয়ে।

ইয়াৰ পিছতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা প্ৰগতি নাৰ্ছিং হোমত চহৰৰ বিভিন্ন প্ৰান্তৰ অনেক লোক সমবেত হৈ নাৰ্ছি হোম কৰ্তৃপক্ষৰ গাফিলতি আৰু অনভিজ্ঞ নাৰ্ছৰ বাবেই উপমা বৰাৰ মৃত্যু ঘটা বুলি অভিযোগ তুলি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

ইফালে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত প্ৰগতি নাৰ্ছিং হোমত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰিবলৈ বাধ্য হয় প্ৰশাসনে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত দণ্ডাধীশসহ শীৰ্ষ আৰক্ষী বিষয়াও উপস্থিত হ’বলগীয়া হয়।

অতি সৰবৰহী, সমাজহৈতষী মহিলা হিচাপে পৰিচিত উপমা বৰাৰ মৃত্যুৰ ন্যায় বিচাৰি ইতিমধ্যে জিলা আৰক্ষী প্ৰশাসনৰ ওচৰত এখন লিখিত এজাহাৰ দাখিল কৰিছে স্বামী ত্ৰিদিৱ বৰাই।

বিজেপি নেত্ৰীগৰাকীৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে সমগ্ৰ শিৱসাগৰ চহৰত।