
শোকাবহ! নিশা শুই থকা সময়তে ঘৰত বিধ্বংসী অগ্নিকাণ্ড, অগ্নিদগ্ধ হৈ মৃত্যু ডেৰ বছৰীয়া সন্তানসহ মহিলাৰ…
December 26, 2022নিউজ ডেস্কঃ নিশা শেতেলীৰ সুখ নিদ্ৰাৰ সময়তে সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি ল’লে এটি ডেৰ বছৰীয়া শিশুৰ লগতে মাতৃয়ে।
এই শোকাবহ ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ চাবুৱাৰ পানীতোলাৰ বেতিয়নিত।
জানিব পৰা মতে, নিশা শুই থকা অৱস্থাত ঘৰত সংঘটিত হয় অগ্নিকাণ্ড।
যাৰ ফলত প্ৰাণ হেৰুৱায় পুনম গোৱালা নামৰ মহিলাগৰাকীৰ লগতে তেওঁৰ ডেৰ বছৰীয়া পুত্ৰ ৰমেশ গোৱালাই।
পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।