শোকাবহ! পথ দুৰ্ঘটনাত পতিত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ টিচি মানিয়াৰ মৃত্যু

শোকাবহ! পথ দুৰ্ঘটনাত পতিত হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ টিচি মানিয়াৰ মৃত্যু

December 28, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ অসম-মেঘালয় সীমান্তৰ যোৰাবাটত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি ল’লে অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী বক্সাৰে।

যোৱা ২৩ ডিচেম্বৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল প্ৰতিভাসম্পন্ন বক্সাৰ টিচি মানিয়া।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা বক্সাৰগৰাকীয়ে অৱশেষত হাস্পতালতে মৃত্যুমুখত পৰে।

কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল মানিয়াই।

প্ৰতিভাৱান বক্সাৰগৰাকীৰ মৃত্যুত শোক প্ৰকাশ অৰুণাচল এমেচাৰ বক্সিং এছ’চিয়েশ্যনৰ।