
শোকাবহ! পিতৃয়ে বিদেশৰ পৰা অনা চকলেট খাই আকস্মিক মৃত্যুক সাৱটিলে ৮ বছৰীয়া সন্দীপে…
November 27, 2022নিউজ ডেস্কঃ পিতৃয়ে বিদেশৰ পৰা অনা চকটেল খাই বিদ্যালয়তে আকস্মিক মৃত্যুক সাৱটি ল’লে এটি ৮ বছৰীয়া শিশুৱে।
এই ঘটনাই শোকৰ ছাঁ পেলাইছে তেলেংগানাৰ ৱাৰংগলত।
জানিব পৰা মতে, ৱাৰংগলৰ নিৱাসী কংগন সিঙে তেওঁৰ ৮ বছৰীয়া পুত্ৰৰ বাবে বিদেশ ভ্ৰমণৰ পৰা ওভতাৰ সময়ত কেইটামান চকটেল আনিছিল।
শনিবাৰে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ সন্দীপে তাৰে কেইটামান চকলেট লৈ বিদ্যালয়লৈ গৈছিল।
বিদ্যালয়ত শিশুটিয়ে চকলেট খোৱাৰ পিছতে ডিঙিত চকলেট লাগি ধৰাৰ ফলত শ্বাস প্ৰশ্বাসত অসুবিধাৰ সন্মুখীন হয়।
লগে লগে শিশুটিক বিদ্যালয় কৰ্তৃপক্ষলৈ হাস্পতাললৈ লৈ যায় যদিও ইতিমধ্যে শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে সন্দীপ নামৰ শিশুটিৰ।
শিশুটিৰ এনে আকস্মিক মৃত্যুক শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসী।