শোকাবহ! পুৱাই পানী কঢ়িওৱা গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱালে কলেজীয়া ছাত্ৰ বিকিৰণে…

শোকাবহ! পুৱাই পানী কঢ়িওৱা গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱালে কলেজীয়া ছাত্ৰ বিকিৰণে…

November 27, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ দেওবাৰে পুৱাই মহানগৰীৰ মাজমজিয়াত সংঘটিত এক কৰুণ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন কলেজীয়া ছাত্ৰই।

পুৱা পানী কঢ়িওৱা গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱায় গুৱাহাটী কলেজৰ ছাত্ৰজনে।

নিহত ছাত্ৰজনৰ পৰিচয় বিকিৰণ সিনহা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, গুৱাহাটী কলেজত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰি আছিল বিকিৰণে।

পুৱা প্ৰায় ৭.৪০ বজাত ছাত্ৰজনে ঘৰৰ পৰা ওলাই অহাৰ পিছতে হাতীগাঁৱত এখন পানী কঢ়িওৱা গাড়ীয়ে বিকিৰণক খুন্দা মাৰে।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰজনক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

দেওবাৰে পুৱাই হাতীগাঁৱত সংঘটিত এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।