
শোকাবহ! ফাঁচীবজাৰত পথৰ ওপৰত টানি থোৱা ৰচীত ফাঁচী লাগি মৃত্যু বাইক আৰোহী অজিত ঝাৰ…
October 23, 2022নিউজ ডেস্কঃ মহানগৰীৰ ফাঁচীবজাৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।
পথৰ মাজত টানি থোৱা ৰচীত ফাঁচী লাগি মৃত্যু এগৰাকী বাইক আৰোহীৰ।
প্ৰশাসনক নজনোৱাকৈয়ে পথৰ মাজত ৰচী টানি থৈছিল নিৰ্মাণকাৰী প্ৰতিষ্ঠানে।
বাইক চলাই আহি থাকোতে সেই ৰচী ডিঙিত লাগি কৰুণ মৃ্ত্যুক সাৱটি লয় যুৱকজনে।
নিহত যুৱকজনৰ নাম অজিত ঝা বুলি জানিব পৰা গৈছে।
মহানগৰীৰ প্ৰাগজ্যোতিষ কলেজত অধ্যয়নৰত আছিল ছাত্ৰজন।