শোকাবহ! বন্ধুৰ জন্মদিন পাৰ্টীত নাচি থকাৰ সময়তে হঠাৎ ঢলি পৰিল প্ৰভাত কুমাৰ, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

নিউজ ডেস্কঃ জন্মিলে মৃত্যু অনিবাৰ্য! এদিন সকলোৱেই মৃত্যৰ শীতল কোলাত শুই পৰিব। কিন্তু মৃত্যু কাৰ বাবে কেনেকৈ আহে, সেয়া কোনে জানে? ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ বিষয়া প্ৰভাত কুমাৰৰ বাবেও মৃত্যু আহিল। বন্ধুৰ জন্মদিন পাৰ্টীত নাচি থাকোতেই হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে প্ৰভাত কুমাৰে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলীত। বৃহস্পতিবাৰে নিশা দিদীপুৰমৰ এখন হোটেলত আয়োজন কৰা হৈছিল আইভিআৰআই পশু জেনেটিক্স বিভাগৰ কাৰিকৰী সহায়ক প্ৰভাত কুমাৰ (৪৫)ৰ এগৰাকী বন্ধুৰ জন্মদিনৰ পাৰ্টী। সেই পাৰ্টীত অংশ লৈ উল্লাসত গীত গাইছিল প্ৰভাত কুমাৰে, গীতৰ তালে তালে তেওঁ নাচিছিলো।

জন্মদিন অনুষ্ঠানত সকলোৰে সন্মুখত নৃত্য প্ৰদৰ্শন কৰি থকাৰ সময়তে হঠাৎ ঢলি পৰে প্ৰভাত কুমাৰ। প্ৰথমে সকলোৱে পিচল খাই পৰা বুলি ভাৱিলেও বহু সময়লৈকে তেওঁ থিয় নোহোৱাত কাষ চাপি গৈ তেওঁৰ হৃদস্পন্দন পৰীক্ষা কৰাত মৃত্যু ঘটা বুলি নিশ্চিত হয়। অনুষ্ঠানত সেই সময়ত উপস্থিত থকা ডাঃ বিনোদ পাগ্ৰানীয়ে তেওঁৰ নাড়ী পৰীক্ষা কৰি হাৰ্ট এটেকৰ ফলত মৃত্যু ঘটা বুলি নিশ্চিত কৰে।

অতি বন্ধুত্বপূৰ্ণ মেজাজৰ ব্যক্তি হিচাপে পৰিচিত ৰসিক মনৰ প্ৰভাত কুমাৰৰ এনে আকস্মিক মৃত্যুৱে শোকবিহ্বল কৰি তুলিছে তেওঁৰ পৰিয়াল, বন্ধুমহলৰ লগতে সকলোকে।

জানিব পৰা মতে, এগৰাকী বেডমিণ্টন খেলুৱৈ হিচাপেও সুপৰিচিত আছিল প্ৰভাত কুমাৰ। শৰীৰৰ যথেষ্ট যতন লৈছিল তেওঁ। বৃহস্পতিবাৰে তেওঁৰ মৃত্যু ঘটাৰ পূৰ্বলৈকে মুখত নাছিল কোনো ধৰণৰ অসুস্থতাতৰ লক্ষণ। হাঁহি মাতি অনুষ্ঠানটো জীপাল কৰিবলৈ চেষ্টা কৰা ব্যক্তিজনৰ মঞ্চত নাচি থকাৰ সময়তে এনেদৰে মৃত্যু ঘটাটো সকলোৰে বাবে যেন এক বিশ্বাস কৰিব নোৱাৰা ঘটনা।

ইফালে বন্ধুৰ জন্মদিন পাৰ্টীত উল্লাসত নাচি থকা সময়তে হৃদৰোগত আক্ৰান্ত হৈ ব্যক্তিজন ঢলি পৰাৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

দুটি কন্যা সন্তানৰ পিতৃ প্ৰভাত কুমাৰৰ পত্নী শালিনীয়ে জানিবলৈ দিয়া মতে, দুদিন পূৰ্বে তেওঁৰ এজন বন্ধুৰ হাৰ্ট এটেক হোৱাত প্ৰভাতে নিজেই তেওঁৰ গাড়ীৰে বন্ধুক হাস্পতাললৈ লৈ গৈছিল। কিন্তু এতিয়া নিজেই এনেদৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটাত শোকত ভাগি পৰিছে তেওঁৰ পৰিয়াল।