
শোকাবহ! বাইক আৰোহীক বচাবলৈ গৈ ট্ৰাকত প্ৰচণ্ড খুন্দা এটা পৰিয়ালে যাত্ৰা কৰা বাহনৰ, দুবছৰীয়া সন্তানসহ পিতৃৰ কৰুণ মৃত্যু
November 16, 2022নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ মীৰগঞ্জৰ বৰৱান বন্ধোৱা বজাৰৰ সমীপত সোমবাৰে বিয়লি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে পিতা-পুত্ৰৰ।
এটা পৰিয়ালে যাত্ৰা কৰা বাহনখনৰ সন্মুখত অকস্মাত উপস্থিত হোৱা বাইক আৰোহীক বচাবলৈ গৈ সন্মুখৰ ট্ৰাকত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।
জানিব পৰা মতে, যোৱা ১১ নৱেম্বৰত বৰৱা বন্ধোৱা বজাৰৰ নিবাসী মহম্মদ তাৰিকে নিজৰ গাড়ীৰে পৰিয়ালৰ সৈতে লক্ষ্ণৌত আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ ল’বলৈ গৈছিল।
আত্মীয়ৰ বিয়াৰ পৰা সোমবাৰে পৰিয়ালটোৱে ঘৰলৈ উভতি অহাৰ পথতে ৰায়বৰেলী-জৌনপুৰ ঘাইপথৰ বৰাৱন বন্ধোৱা বজাৰত বিয়লি প্ৰায় ৪ বজাত সংঘটিত হয় দুৰ্ঘটনাটো।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, পৰিয়ালটোৱে আহি থকা বাহনখনৰ সন্মুখত হঠাৎ এজন বাইক আৰোহী উপস্থিত হোৱাত বাইক আৰোহীজনক বচাবলৈ গৈ এখন ট্ৰাকত খুন্দা মাৰে।
দুৰ্ঘটনাত মহম্মদ তাৰিক (৩৫) আৰু তেওঁৰ ২ বছৰীয়া পুত্ৰ আয়ুবৰ ঘটনাস্থলীতে মৃত্যু ঘটে। ইফালে এই দুৰ্ঘটনাত আহত হয় তাৰিক ভাতৃ ৱাদুদৰ পত্নী ছাবিনা বানো (৪২), তাৰিকৰ পত্নী খুছবু (২৮), তাৰিকৰ পুত্ৰ ইউছুফ (৬) আৰু ইব্ৰাহিম (৪) আৰু ৱাদুদৰ কন্যা ইফ্ৰা (৮)।
দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে আহত কেইজনক উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে।
[…] শোকাবহ! বাইক আৰোহীক বচাবলৈ গৈ ট্ৰাকত প… […]