শোকাবহ! বাথৰুমত গা ধুবলৈ সোমাই আৰু ওলাই নাহিল ১৬ বছৰীয়া যশ, ঘটিল এই ঘটনা…

শোকাবহ! বাথৰুমত গা ধুবলৈ সোমাই আৰু ওলাই নাহিল ১৬ বছৰীয়া যশ, ঘটিল এই ঘটনা…

November 23, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ বাথৰুমত গা ধুবলৈ সোমাই কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই।

মহাৰাষ্ট্ৰৰ এৰাণ্ডোল চহৰৰ ৰেনুকা নগৰত সংঘটিত এই মৰ্মান্তিক ঘটনাই শোকৰ বন্যা নমাইছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত।

বাথৰুমত লগোৱা গেছ গিজাৰ লিক হোৱাৰ বাবেই শ্বাসৰুদ্ধ হৈ ১৬ বছৰীয়া কিশোৰজনৰ কৰুণ মৃত্যু ঘটা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

জানিব পৰা মতে, ৰেনুকা নগৰ অঞ্চলৰ নিৱাসী শিক্ষক বাসুদেৱ ত্ৰিম্বক পাটিলৰ দশম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ যশে মঙলবাৰে পুৱা প্ৰায় ১০ বজাত নিজৰ ঘৰৰ বাথৰুমত গা ধুবলৈ সোমাইছিল।

কিন্তু পুত্ৰ বহু সময় ধৰি বাথৰুমৰ পৰা ওলাই নাহত পিতৃয়ে মাত লগায় যদিও কোনো প্ৰত্যুত্তৰ লাভ নকৰাত পৰিয়ালৰ লোকে বাথৰুমৰ দুৱাৰ ভাগি ভিতৰত প্ৰৱেশ কৰে।

পৰিয়ালৰ লোকে যশক বাথৰুমৰ মজিয়াত অচেতন হৈ পৰি থকা দেখি লগে লগে এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, বাথৰুমত লগোৱা গেছ গিজাৰ লিক হোৱাৰ বাবেই শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে যশৰ।

মেধাৱী ছাত্ৰজনৰ এনে আকস্মিক মৃত্যুক লৈ শোকত ভাগি পৰিছে পিতৃ-মাতৃ তথা পৰিয়াল।