
শোকাবহ! বিদেশত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ভাৰতীয় মহিলা মডেল-চিকিৎসকৰ…
December 11, 2022নিউজ ডেস্কঃ আমেৰিকাৰ হিউষ্টনত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এগৰাকী ভাৰতীয় মহিলা চিকিৎসক তথা সুপৰিচিত মডেলৰ।
শনিবাৰে বিয়লি হিউষ্টনৰ স্কট ষ্ট্ৰীটত এখন বাইক আৰু চাৰিচকীয়া বাহনৰ মাজৰ সংঘৰ্ষত মৃত্যু ঘটে প্ৰৱাসী ভাৰতীয় মহিলা চিকিৎসক তথা এগৰাকী সুপৰিচিত মডেল, নৃত্যশিল্পী ডা০ মিনি ভেট্টিকাল (৫২)ৰ।
ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে বাইক আৰোহীজনৰো।