নিউজ ডেস্কঃ মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এক অমানৱীয় কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে। বিদ্যায়খনৰ এগৰাকী ছাত্ৰীক এঘণ্টা ৰ’দত থিয় কৰাই থোৱাৰ বাবেই মৃত্যুক সাৱটি ল’বলগীয়া হ’ল ছাত্ৰীগৰাকীয়ে।
ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে দায়বদ্ধহীনতাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে বিভিন্নজনে।
জানিব পৰা মতে, মহানগৰীৰ ছাত্ৰীবাৰীস্থিত নিকলছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এগৰাকী ছাত্ৰৰ আকস্মিক মৃত্যুৰ পিছত যোৱা ৪ আগষ্টত বিদ্যালয় চৌহদত অনুষ্ঠিত হৈছিল এখন শোকসভা।
পুৱা প্ৰাৰ্থনাৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলক শোকসভাৰ বাবে এঘণ্টা ধৰি ৰ’দত থিয় কৰাই থয় বিদ্যালয়খনৰ কৰ্তৃপক্ষই।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/photo1660037560.jpeg?resize=586%2C549&ssl=1)
ইফালে প্ৰখৰ ৰ’দত ঘণ্টাধৰি থিয় হৈ থাকি সেই সময়ত অচেতন হৈ পৰে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী।
বিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী তথা ফটাশিল আমবাৰী থানাৰ অন্তৰ্গত কালাপাহাৰ নিবাসী সহদেৱ দাস আৰু মিনু দাসৰ কন্যা স্নিগ্ধাশিখা দাসেও ৰ’দত থিয় হৈ থাকি সংজ্ঞাহীন হৈ পৰাত মূৰত আঘাত পায়।
অৱশ্যে কিছুসময় পিছত ছাত্ৰীগৰাকীৰ পুনৰ চেতনা ঘূৰি অহাত সাধাৰণ দিনৰ দৰেই শ্ৰেণীকোঠাত শিক্ষা গ্ৰহণ কৰে। কিন্তু সেইদিনা বিদ্যালয়ৰ পৰা ঘৰলৈ স্কুল বাছেৰে আহি থকা সময়তো বমি কৰে স্নিগ্ধাশিখাই।
কিন্তু এই বিষয়ে অভিভাৱকক বিদ্যালয় কৰ্তৃপক্ষই অৱগত কৰা নাছিল। আনহাতে ঘৰলৈ আহিয়েই হঠাৎ পুনৰ অচেতন হৈ পৰে স্নিগ্ধাশিখা।
লগে লগে শিশুটিক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয়।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/photo1660037713.jpeg?resize=663%2C550&ssl=1)
জিএমচিএইছত ৪ আগষ্টৰ সন্ধিয়াৰ পৰা চিকিৎসাধীন হৈ থাকি অৱশেষত ৬ আগষ্টৰ বিয়লি মৃত্যু ঘটে স্নিগ্ধাশিখাৰ।
ছাত্ৰীগৰাকীৰ মৃত্যুৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক জগৰীয়া কৰিছে পৰিয়ালৰ লোকে। বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবেই সেই দিনা এঘণ্টা ধৰি ৰ’দত থিয় হৈ থাকি ছাত্ৰীগৰাকী অসুস্থ হৈ পৰাৰ অভিযোগ তোলে পৰিয়ালে।
আনহাতে ছাত্ৰীগৰাকীয়ে মূৰত আঘাত পোৱাৰ বিষয়ে বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকক অৱগত নকৰাৰ বাবেই স্নিগ্ধাশিখাৰ মৃত্যু ঘটা বুলি অভিযোগ কৰিছে পিতৃ-মাতৃয়ে।
এই ঘটনাৰ তদন্তৰ দাবী জনাইছে স্নিগ্ধাশিখাৰ পিতৃয়ে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগু. ইউ জি ব্ৰহ্মলৈ পত্ৰ লিখি অনুৰোধ জনাইছে শোকবিহ্বল পিতৃ-মাতৃয়ে।
ছাত্ৰীগৰাকীৰ মৃত্যুৱে গভীৰ শোকৰ ছাঁ পেলাইছে সমগ্ৰ গুৱাহাটী মহানগৰীত।
অৱশ্যে এই ঘটনাৰ বাবে উত্থাপিত অভিযােগ অস্বীকাৰ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। চিচিটিভি ভিডিঅ’ প্ৰকাশ কৰি বিদ্যালয়ৰ পৰা ছাত্ৰীগৰাকী সুস্থ শৰীৰেই ঘৰলৈ ওভতি গৈছিল বুলি দাবী কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।
এই ক্ষেত্ৰত উচিত তদন্তৰ জৰিয়তেই ঘটনাৰ প্ৰকৃত ৰহস্য পােহৰলৈ আহিব বুলি আশা কৰিছে।
লগতে চাওকঃ
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/sahu-murder.jpg?resize=889%2C458&ssl=1)
শোকাবহ! বিচনাত শুই শুই মোবাইল চাৰ্জত লগাই ভিডিঅ’ চাই থকাৰ সময়তে বিদ্যুৎ স্পৃষ্ট হৈ যুৱকৰ মৃত্যু
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/pritam-nath.jpg?resize=889%2C458&ssl=1)