শোকাবহ! বৰ বৰলৰ কামোৰত অসহ্য যন্ত্ৰণাত চটফটাই মৃত্যু কণমানিৰ…

শোকাবহ! বৰ বৰলৰ কামোৰত অসহ্য যন্ত্ৰণাত চটফটাই মৃত্যু কণমানিৰ…

September 7, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ বৰ বৰলৰ কামোৰত কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী কণমানিয়ে।

কামৰূপৰ দামপুৰৰ আমদলাত সংঘটিত হৈছে এই শোকাবহ ঘটনা।

ঘৰৰ চোতালত খেলি থকা সময়তে এটি ৫ বছৰীয়া কণমানিক কামুৰিছিল বৰ বৰলে।

ইয়াৰ পিছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰি কন্যা শিশুটিক ভৰ্তি কৰোৱা হৈছিল শুৱালকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত।

কিন্তু বৰলৰ কামোৰত অসহ্য যন্ত্ৰণাত চটফটাই অৱশেষত মৃত্যুক সাৱটি লয় শিশুটিয়ে।

এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।